ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ, হোৱা নাই চিনাক্ত

বাইহাটা জি আৰ পিৰ অন্তৰ্গত চৌকীগেটৰ সমীপৰ ৰে'লপথত বৃহস্পতিবাৰে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
দিল্লীত ৰেলপথত বহি সুৰাৰ আড্ডা! ওপৰেৰে পাৰ হৈ গ’ল ৰেল, ৩জনৰ মৃত্যু

প্ৰতীকি ফটো

ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা জি আৰ পিৰ অন্তৰ্গত চৌকীগেটৰ সমীপৰ ৰে'লপথত বৃহস্পতিবাৰে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। দিনৰ প্ৰায় ৯ বজাত কলা বৰণৰ জেকেট আৰু দীঘল ট্ৰেকছ্যুট পৰিধান কৰা প্ৰায় ৩০ বছৰ বয়সীয়া মিঠা বৰণৰ যুৱক জনৰ মৃতদেহটো বাইহাটা জি আৰ পিয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰায়।

Advertisment

বাইহাটা জি আৰ পিয়ে মৃতদেহটো চিনাক্ত কৰণৰ বাবে ৭২ ঘন্টা সময় ৰঙিয়াৰ মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে যুৱকজনে ৰেল পথ অতিক্ৰম কৰিব লওঁতেই তীব্ৰ বেগী ৰেলৰ খুন্দত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Also Read: পিতা-পুত্ৰই মিলি ধৰ্ষণ কৰিলে নাবালিকাক, গ্ৰেপ্তাৰ...

baihata