'বৰ্ণ': অসমীয়া যুৱকৰ বর্ণমালা শিক্ষা, অনলাইন বাৰ্তালাপৰ নৱ উদ্ভাৱন...

'বৰ্ণ': অসমীয়া যুৱকৰ বর্ণমালা শিক্ষা, অনলাইন বাৰ্তালাপৰ নৱ উদ্ভাৱন...

author-image
Asomiya Pratidin
New Update
'বৰ্ণ': অসমীয়া যুৱকৰ বর্ণমালা শিক্ষা, অনলাইন বাৰ্তালাপৰ নৱ উদ্ভাৱন...

'বৰ্ণ': অসমীয়া যুৱকৰ বর্ণমালা শিক্ষা, অনলাইন বাৰ্তালাপৰ নৱ উদ্ভাৱন...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ এটা নতুন ডিজাইন এজেন্সী 'ৰাইট হেমিস্ফিয়েৰ'ৰ উদ্যোগত শেহতীয়াকৈ সাজু হৈ উঠিছে এটি অভিনৱ ডিজিটেল সমল 'বর্ণ'। ই হৈছে ভাৰতীয় আৰু বিদেশী কেতবোৰ ভাষাৰ বৰ্ণমালা সৰল প্ৰক্ৰিয়াৰে বিনামূলীয়াকৈ শিকাৰ বাবে প্ৰস্তুত কৰা এটি বার্তালাপ ৱেবছাইট।

Advertisment

এগৰাকী ডেভেলপাৰ আৰু এগৰাকী ডিজাইনাৰক লৈ গঠিত এটি সৰু দলে উদ্ভাৱন কৰা 'বর্ণ' ব্যৱহাৰ কৰি ন শিকাৰুসকলে মনোমোহা এনিমেটেড বস্তুৰ সহায়ত আখৰ, যুক্তাক্ষৰ আৰু শব্দবোৰ লিখাৰ কৌশল সহজে আয়ত্ত কৰিব পাৰে। 'ৰাইট হেমিস্ফিয়েৰ' কোম্পানীৰ সহ-প্রতিস্থাপক তথা 'বর্ণ'ৰ উদ্ভাৱক গোটটোৰ শীৰ্ষ পদাধিকাৰী পৰাগজ্যোতি গগৈৰ পৰা জানিব পৰা মতে ২০১৯ চনত তেওঁলোকে অৱসৰ বিনোদন হিচাপে এটা ম'বাইল এপ্লিকেচন উদ্ভাৱন কৰিছিল আৰু সেই সময়তে তেওঁ বর্ণমালা শিক্ষাৰ অভিজ্ঞতাটোক পুনৰ নতুন ধৰণে সজাই তোলাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল।

'বর্ণ'ৰ ক্ৰিয়েটিভ ডিৰেক্টৰ পৰাগজ্যোতি গগৈয়ে কয় যে, উক্ত পৰীক্ষামূলক এপটোক মাত্ৰ কিছুদিনৰ বাবে গুগল প্লে'ষ্টৰত সুলভ কৰা হৈছিল। তেনেই কম সময়তে ইয়াৰ বিপুল সঁহাৰি আৰু ইতিবাচক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছিল।

ৰাইট হেমিস্ফিয়েৰৰ সহ-প্রতিস্থাপক আৰু বাণিজ্যিক মুৰব্বী অংকিতা শইকীয়াই কয়— 'প্ৰথমতে আমাৰ বাবে বৰ্ণ আছিল এটা পৰীক্ষামূলক হ'বী প্রজেক্ট, কিন্তু কেইটামান মাহতে আমি দেখিলো যে মানুহে আমাৰ পৰিকল্পনাটো ভাল পাইছে। কিন্তু ব্যৱস্থাটো সহজলভ্য কৰি তোলোতে আমি কিছু আহুকাল পালো আৰু বিকল্প এটা উদ্ভাৱন কৰিব লগা হ'ল যাতে পৃথিবীৰ যিকোনো ঠাইতে থকা লোকে যাতে নিশ্চিতকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে।

সম্প্ৰতি যিকোনো মোবাইল ফোন বা কম্পিউটাৰৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়ত ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি 'বৰ্ণৰ ক্ষেত্ৰখনত ভুমুকি মৰা সহজ। বৰ্ণ ৱেব ছাইটটোৰ ঠিকনা হৈছে www.borno.app । বৰ্তমান 'বর্ণ'ৰ জৰিয়তে অসমীয়া, বাংলা, হিন্দী, ইংৰাজী, স্পেনীজ, ইটালিয়ান আৰু পৰ্টুগীজ ভাষাকে ধৰি ৮টা ভাষাৰ বৰ্ণমালাৰ প্ৰাথমিক জ্ঞান আগবঢ়োৱা হৈছে আৰু চলিত বছৰৰ মাৰ্চৰ ভিতৰত আৰু ৮টা ভাষাক 'বর্ণ'ত অনলাইনযোগে সুলভ কৰি তোলা হ'ব।

ৱেবছাইটটো 'লাইভ' কৰি তুলিলে প্ৰাক্ প্রাথমিক বিদ্যালয় বিলাক আৰু অভিভাৱকসকলৰ বাবে তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰক বৰ্ণমালা ফলদায়কভাৱে শিকোৱাৰ ক্ষেত্ৰত ‘বর্ণ’ নিশ্চয়কৈ কাৰ্যকৰী আহিলা হ'ব। ইয়াৰ পাছত 'বর্ণ'ত অংকৰ গেম সন্নিৱিষ্ট কৰা হ'ব।

উল্লেখযোগ্য যে, 'ৰাইট হেমিস্ফিয়েৰ'ৰ প্ৰডাক্ট মেনেজাৰ উদ্দীপ্ত দাসে 'বর্ণ'ক প্ৰকৃততেই স্থানীয় প্ৰতিষ্ঠানৰ দ্বাৰা নির্মিত আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন বুলি অভিহিত কৰি ইয়াৰ অভিজ্ঞতা ল'বলৈ সকলোকে আহ্বান জনায়। পৰাগ গগৈয়ে কয়, তৰুণ প্রজন্মক ইন্টাৰনেট ভিডিঅ' বা অনলাইন গেমত মগ্ন হৈ সময় কটাবলৈ আমি এৰি দিওঁ, অথচ আখৰ, পাঠ্যপুথি, গণিতৰ জ্ঞান ল'বলৈ কিতাপ, চার্ট পঢ়িবলৈহে কওঁ।

গতিকে আন বিষয়তকৈ এনে প্রয়োজনীয় শিক্ষা কণ কণ শিশুক অনলাইনযোগে ল'বলৈ দিলে শিশুৰ বাবে সেয়া হ'ব এটা আনন্দদায়ক অভিজ্ঞতা।' উল্লেখ্য, ইতিমধ্যেই 'বর্ণ'ই তিনিটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে— চি এছ এছ ডিজাইন এৱাৰ্ডছৰ 'বেষ্ট ইউজাৰ ইণ্টাৰফে'চ', 'বেষ্ট ইউজাৰ এক্সপিরিয়েন্স' আৰু 'বেষ্ট ইনন ভেচন'। ই বিশ্বৰ ৱেব ডিজাইন সমাজতো সমাদৃত হৈছে।

Also Read: বঢ়মপুৰ সমষ্টিত সৰ্বত্ৰে উন্নয়ন আঁচনিত দুৰ্নীতি ! কমিচন সংগ্ৰহত ব্যস্ত জনপ্ৰতিনিধি...

বৰ্ণ মোবাইল এপ