লোকনিৰ্মাণ বিভাগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান বৰহোলা আছুৰ

লোকনিৰ্মাণ বিভাগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান বৰহোলা আছুৰ

author-image
Asomiya Pratidin
New Update
লোকনিৰ্মাণ বিভাগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান বৰহোলা আছুৰ

ডিজিটেল সংবাদ,ঘিলাধাৰী: বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে যোৰহাট জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক সাক্ষাৎ কৰি মঙলবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে এক আলোচনাত মিলিত হয়৷ বৃহত্তৰ বৰহোলা অঞ্চলৰ জৰাজীৰ্ণ বাট-পথ সমূহ নিৰ্মাণৰ দাবী জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

বৰহোলা অঞ্চলৰ বাট পথ সমূহ বিধ্বস্ত হোৱা কাৰণে সঘনাই পথছাৰী দুৰ্ঘটনাগ্ৰস্ত হোৱা লগতে বৰহোলা তিতাবৰ সংযোগী ন-আলি পথৰ কাম খৰতকীয়া কৰা, বৰহোলা নগাবাট সংযোগী পথ পুনৰ নিৰ্মাণ কৰা, বৰহোলা মহিমাবাৰী সংযোগী পথ পুনৰ নিৰ্মাণ কৰা, বৰহোলা আঠখেলীয়া সংযোগী পথ পুনৰ নিৰ্মাণ কৰা আৰু সমগ্ৰ বৰহোলা অঞ্চলটোৰ গাঁও সমূহৰ বাট পথ সমূহ নিৰ্মাণৰ দাবী সম্বলিত স্মাৰক প্ৰদান কৰে লগতে বৰহোলাৰ নগৰৰ মাজমজিয়াত অৱস্থিত পুখুৰী সদৃশ গাঁতসমূহ শীঘ্ৰে পুঁতি পেলোৱাৰ দাবী জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ছাত্ৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাি সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক বৰহোলা অঞ্চলৰ বাট-পথৰ সন্দৰ্ভত বহুবাৰ স্মাৰক পত্ৰ প্ৰদান আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে৷ সেয়েহে শীঘ্ৰে বৰহোলাবাসী ৰাইজৰ স্বাৰ্থত এই পথ সমূহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যথা পৰৱৰ্তী সময়ত কঠোৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে৷

Also Read: কুমাৰীকাটাত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

aasu