কুমাৰীকাটাত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

তামুলপুৰ জিলাৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ ভাংবাৰীত নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন যুৱক।

author-image
Asomiya Pratidin
New Update
কুমাৰীকাটাত অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ ভাংবাৰীত নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন যুৱক। নিহত যুৱকজনৰ নাম বিতু ডেকা (৩৪)। ডেকাৰ ঘৰ কুমাৰীকাটাৰ বাঁহবাৰীত বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেখ্য যে, ডেকাই এ এছ-১৫-এম-৫১৫৬ নম্বৰৰ স্কুটী এখন লৈ নিশা ভাৰত-ভূটান পথেৰে কুমাৰীকাটাৰ শহুৰৰ ঘৰৰ পৰা তামুলপুৰত থকা ভাড়াতীয়া ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। নিশাই কুমাৰীকাটা আৰক্ষীয়ে মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ নিয়ে। ইপিনে বিতু ডেকাৰ আকস্মিক মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ।

Also Read: ডবকা আৰক্ষী সাফল্যঃ আটক ধৰ্ষণকাৰীক

Assam police