বৰহোলা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন

বৰহোলা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, তিতাবৰঃ বৰহোলা মহাবিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ বুধবাৰে সামৰণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেয়ে বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগনত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে।

পুৱাতে ৰূপায়ন কৰা হয় বাৰেৰহনীয়া এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবি প্ৰদৰ্শিত শোভাযাত্ৰাটোত অগনণ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বৰহোলা চহৰৰ মাজেৰে পদযাত্ৰা কৰি সফলতাৰে সামৰণি মাৰে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মহাবিদ্যালয়খনৰ ৮ টা কৈ বিভাগৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাও।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ফৰিদা বেগমে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতা, ছাত্ৰ একতা সভাৰ সভাপতি নৱজ্যোতি নেওগ, সম্পাদক লোচন শইকীয়াৰ লগতে সভাৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সকলো বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়।

বৰহোলা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন
পত্নীক এচিডেৰে আক্ৰমণ কৰি পলায়ন স্বামীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in