পত্নীক এচিডেৰে আক্ৰমণ কৰি পলায়ন স্বামীৰ

পত্নীক এচিডেৰে আক্ৰমণ কৰি পলায়ন স্বামীৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। এচিড জাতীয় দ্ৰব্যৰে এজন পাষাণে আক্ৰমণ কৰে নিজ পত্নীক। বিলাসীপাৰাৰ বাঙালীপাৰাত গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে বিয়া পতাৰ কেইদিনমানৰ পাছতেই আজাৰুল শেখৰ পত্নীৰ লগতে বিবাদ আৰম্ভ হৈছিল। পৰবৰ্তী সময়ত এই ঘটনা আদালতৰ মজিয়া পাইছিলগৈ।

তাৰপাছতো কোনো ধৰণৰ সমাধান নহ'ল তেওঁলোকৰ কাজিয়াৰ। মঙলবাৰে নিশা পুনৰ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু আজাৰুলে পত্নীৰ চকুত এচিডজাতীয় দ্ৰব্যৰে আক্ৰমণ কৰে।

ইয়াৰ ফলত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে আজাৰুলৰ পত্নীয়ে। প্ৰথমে আহত মহিলা গৰাকীক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও ঘটনাৰ পিছতে পলাতক হৈ পৰিছে আজাৰুল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

পত্নীক এচিডেৰে আক্ৰমণ কৰি পলায়ন স্বামীৰ
ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ নিৰ্দেশতেই ৰুগীয়া মাতৃক অকলে থৈ ঘৰ এৰিব বাধ্য হ'ল এটি পৰিয়াল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in