অসমীয়া আৰু নগাৰ সংঘাতৰ বিপৰীতে বৌদ্ধিক বাতাবৰণ সৃষ্টিৰ অনন্য প্ৰয়াস

সৰুপথাৰৰ উৰিয়ামঘাট বুলিলে সততে নগাৰ আগ্ৰাসন, অসম-নগাৰাজ্যৰ লগত সংঘাতৰ প্ৰতিচ্ছবিয়ে ৰাইজৰ মাজত ভাঁহি থাকে। পিছে এনে প্ৰতিচ্ছবিৰ বিপৰীতে গ্ৰন্থ আন্দোলনৰ জড়িয়তে শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে উৰিয়ামঘাটৰ বৌদ্ধিক মহল তথা স্থানীয় দল সংগঠনে ৷

author-image
Asomiya Pratidin
New Update
অসম-নাগালেণ্ড সীমান্তত  গ্ৰন্থৰ সুবাস

অসম-নাগালেণ্ড সীমান্তত গ্ৰন্থৰ সুবাস

ডিজিটেল সংবাদ, সৰুপথাৰ: সৰুপথাৰৰ উৰিয়ামঘাট বুলিলে সততে নগাৰ আগ্ৰাসন, অসম-নগাৰাজ্যৰ লগত সংঘাতৰ প্ৰতিচ্ছবিয়ে ৰাইজৰ মাজত ভাঁহি থাকে। পিছে এনে প্ৰতিচ্ছবিৰ বিপৰীতে গ্ৰন্থ আন্দোলনৰ জড়িয়তে শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে উৰিয়ামঘাটৰ বৌদ্ধিক মহল তথা স্থানীয় দল সংগঠনে ৷

Advertisment

উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা  গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ  বৃহত্তৰ উৰিয়ামঘাট অঞ্চলৰ বৌদ্ধিক চিন্তা - চেতনাৰে আগবঢ়া একাংশ লোকৰ একান্ত প্ৰচেষ্টাত অনুষ্ঠিত হৈছে । বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীক সভাপতি, মহেশ্বৰ বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু শিক্ষক প্ৰতাপ গগৈক সম্পাদকৰ নেতৃত্বত অনুষ্ঠিত হয় এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ। গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো গ্ৰন্থ বিপনী আৰু প্ৰকাশন প্ৰতিষ্ঠানে এই উৎসৱত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে গ্ৰন্থমেলাৰ বাকৰিত কবি, সাহিত্যিক, পঢ়ুৱৈ আৰু সাহিত্য প্ৰেমীৰ সমাহাৰে উদুলী মুদুলি হৈ পৰিছে গ্ৰন্থ মেলা বাকৰি। আনহাতে, স্মৃতিগ্ৰন্থৰ লগতে কেইবাজনো নতুন লেখকৰো গ্ৰন্থ উন্মোচন কৰা হৈছে ৷ এই গ্ৰন্থমেলাই নিশ্চিতভাৱে উৰিয়ামঘাটৰ বাবে এক যোগাত্মক বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে ৷ 

Assam-Nagaland border sarupathar book fair assam nagaland