তেজপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত 'চৈতন্য জাগৰণত দিব্যত্ৰয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন

তেজপুৰৰ কেকোৰাপুলস্থিত ৰামকৃষ্ণ সেৱাশ্রমত আজি প্রবীন ভক্তপ্ৰাণ লেখক শ্রী বিপিন চন্দ্ৰ বেজবৰুৱাৰ আধ্যাত্মিক গ্ৰন্থ 'চৈতন্য জাগৰণত দিব্যত্ৰয়ী' উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
তেজপুৰ ৰামকৃষ্ণ সেৱাশ্ৰমত 'চৈতন্য জাগৰণত দিব্যত্ৰয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ কেকোৰাপুলস্থিত ৰামকৃষ্ণ সেৱাশ্রমত আজি প্রবীন ভক্তপ্ৰাণ লেখক শ্রী বিপিন চন্দ্ৰ বেজবৰুৱাৰ আধ্যাত্মিক গ্ৰন্থ 'চৈতন্য জাগৰণত দিব্যত্ৰয়ী' উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিৰ আসন অলংকৃত কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰীযুত মহেন্দ্ৰ কেওঁটদেৱে।

Advertisment

গ্রন্থখনি উন্মোচন কৰে শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই। ভাষণ প্ৰসংগত তেখেতে ঠাকুৰ ৰামকৃষ্ণ পৰমহংস, মা সাৰদা আৰু স্বামী বিবেকানন্দৰ জীৱনৰ ওপৰত বিশেষ আলোকপাত কৰে। গ্ৰন্থ উন্মোচনী সভাখন পৰিচালনা কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক শ্ৰীযুত হেমন্ত কুমাৰ পাঠকে।‌ পৰিচালক হেমন্ত পাঠকে লেখকৰ পৰিচিতি তথা গ্ৰন্থখনৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

সভাত উপস্থিত থাকে ৰামকৃষ্ণ সেৱাশ্ৰমৰ প্ৰাক্তন সভাপতি শ্ৰীযুত স্বপন কুমাৰ দত্ত। গ্ৰন্থখনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা ৰামকৃষ্ণ সেৱাশ্ৰমত উন্মোচনী সভা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰি দিয়ালৈকে সহায় কৰা দত্তদেৱৰ বিশেষ শলাগ লয় লেখক পৰিয়ালে। ভাষণ প্ৰসংগত স্বপন দত্তদেৱে লেখকৰ জীৱন তথা গ্ৰন্থখনৰ ওপৰতো চমু আভাস দাঙি ধৰে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট নাট্যশিল্পী শ্ৰীযুত ভূপেন শৰ্মাদেৱ। শৰ্মাইও তেখেতৰ ভাষণত লেখকৰ জীৱন তথা গ্ৰন্থখনৰ ওপৰত সাৰগৰ্ভমূলক বক্তব্য ৰাখে। লগতে সভাত উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শ্ৰীযুতা মনোমতী কুৰ্মী, সহকাৰী সম্পাদিকা মিনাক্ষী দেৱী, তেজপুৰৰ সাংস্কৃতিক, আধ্যাত্মিক অনুষ্ঠানৰ 'সংস্কৃতা'ৰ সভানেত্ৰী শ্ৰীযুতা অনিমা গোস্বামী। ।

ইয়াৰ লগতে সভাত উপস্থিত থাকে লেখকৰ পত্নী বিশিষ্ট লেখিকা সবিতা শৰ্মা বেজবৰুৱা, পুত্ৰ ভাস্কৰ জ্যোতি বেজবৰুৱা, দুলাল শৰ্মা, ৰামকৃষ্ণ সেৱাশ্ৰমৰ সদস্য, আত্মীয়-স্বজন তথা তেজপুৰ সাহিত্য সমাজৰ সৈতে জড়িত লোকসকল।

Also Read: 'ৰাইজ মোক সহায় কৰক। মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ বহুত কাম কৰিবলৈ আছে'

tezpur book published