'ৰাইজ মোক সহায় কৰক। মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ বহুত কাম কৰিবলৈ আছে'

'ৰাইজ মোক সহায় কৰক। মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ বহুত কাম কৰিবলৈ আছে'-এইয়া বিহুৰ বতৰত দুৰাৰোগ্যত আক্ৰান্ত চিলাপথাৰৰ যুৱকৰ কাতৰ প্ৰাৰ্থনা।

author-image
Asomiya Pratidin
New Update
'ৰাইজ মোক সহায় কৰক। মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ বহুত কাম কৰিবলৈ আছে'

ডিজিটেল সংবাদ, চিলাপথাৰঃ 'ৰাইজ মোক সহায় কৰক। মোক জীয়াই থাকিবলৈ দিয়ক। মোৰ বহুত কাম কৰিবলৈ আছে'-এইয়া বিহুৰ বতৰত দুৰাৰোগ্যত আক্ৰান্ত চিলাপথাৰৰ যুৱকৰ কাতৰ প্ৰাৰ্থনা।

Advertisment

ভোগৰ উৎসৱ ভোগালীক লৈ ৰাজ্যজুৰি উসৱমুখৰ পৰিবেশ বিৰাজ কৰাৰ সময়তে চিলাপথাৰৰ এখন ঘৰত দেখা গৈছে শোকাকুল পৰিৱেশ।

চিলাপথাৰ চিলাবালি গাঁওৰ অৰ্জুন গয়াৰীৰ পুত্ৰ হৰবিন্দ গয়াৰী (২৫)। স্থানীয় পূৰ্বাঞ্চল কলেজৰ পৰা স্নাতক হোৱা যুৱকজন সম্প্ৰতি যকৃটৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম টজবজীয়া যুৱকজনৰ দেহত প্ৰায় এটা বছৰৰ পূৰ্বে ধৰা পৰিছিল প্ৰানঘাটি বেমাৰটো।

পৰিয়ালৰ মাটি বাঢ়ি বেছি ডিব্ৰুগড় আৰু গুৱাহাটীৰ লগতে বিভিন্ন স্থানত চিকিৎসা কৰিও কোনো সুফল লাভ কৰা নাই। ঘৰখনত জমা হৈছে জাপে জাপে চিকিৎসাল়য় আৰু চিকিৎসকৰ নথি পত্ৰ। শেহতীয়াকৈ চিকিৎসকে যুৱক জনক উন্নত চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়াৰ পৰাই মহা সমস্যাত পৰিছে পৰিয়ালটো। দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ পৰিয়ালটোৱে ৰোগীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ কোনো সামৰ্থ নাই। উপায়ন্তৰ পৰিয়ালটোৱে বিহুৰ বতৰত হাত যোৰ কৰি চৰকাৰ আৰু শুভাকংক্ষী ৰাইজৰ পৰা সহায় বিচাৰিছে।

কোনো লোকে অৰ্থ সাহায্য আগবঢ়াব খুজিলে যুৱকজনৰ এছ বি আই চিলাপথাৰ কুলাজান শাখাত থকা--34284353981 (IFSC code : SBIN0008506) নম্বৰত অৰ্পন কৰিব পৰিব। যুৱক জনৰ ফোন নম্বৰ-৯১০১৭৩৯১২৪।

Also Read: যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠন

silapathar