/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/07a3c55a-a7cc-47f1-8f36-641bc890a9f2/ioioio.jpg)
ডিজিটেল সংবাদ,তেজপুৰ: কবিতাত কেৱল আৱেগেই নহয় ভাবো সম্পৃক্ত হৈ থাকে। মুকুল গোস্বামীৰ প্ৰেমৰ কবিতাৰ মাজেৰে কবি গৰাকীৰ সমাজ সচেতনতা, মানবীয় প্ৰমূল্যবোধ প্ৰোজ্বল হৈ উঠিছে । এই মন্তব্য বিশিষ্ট ঔপন্যাসিক ড০ ভূপেন শইকীয়াৰ। মঙলবাৰে তেজপুৰত অনুষ্ঠিত তেজপুৰ সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ "সময় নাছিল নে হাতত আই" উন্মোচন কৰি তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট ঔপন্যাসিক, প্ৰাবন্ধিক ড০ ভূপেন শইকীয়াই এই মন্তব্য কৰে।
উল্লেখ্য যে তেজপুৰৰ বিশিষ্ট কবি ,লেখক, সমাজকৰ্মী ,সাহিত্য সভাৰ এগৰাকী জ্যেষ্ঠ সদস্য মুকুল গোস্বামীয়ে বিভিন্ন সময়ত ৰচনা কৰা ডেৰকুৰি কবিতাৰ সংকলন "সময় নাছিল নে হাতত আই"উন্মোচনৰ বাবে তেজপুৰ সাহিত্য সভাত এখন গাম্ভীৰ্যপুৰ্ন সভা অনুষ্ঠিত হয়। সেই অনুসৰি সভাৰ প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই আৰু কয় - ৰোমান্টিক কবিতাৰ মাজেৰে কবি মুকুল গোস্বামীৰ ব্যক্তিগত প্ৰেম জাগতিক প্ৰেমলৈ প্ৰসাৰিত হৈছে।
শইকীয়াই লগতে কয় যে সত্তৰোৰ্ধৰ এগৰাকী ব্যক্তিয়ে ৰোমান্টিক কবিতাৰ সৃষ্টি কৰি যোৱা আঁৰত ব্যক্তিগৰাকীৰ অনুভূতিঘন মনৰ পৰিচয় দিয়াৰ লগতে ৰোমান্টিক কবিতাৰ মাজেৰে প্ৰবাহিত মানৱীয় প্ৰেমৰ অমলিন চেতনা পৰিস্ফুট হৈছে। অনুষ্ঠানটিত নিজৰ অনুভৱ সদৰী কৰি কবি মুকুল গোস্বামীয়ে কবিতাই মোক নৱজীৱন প্ৰদান কৰিছে বুলি মন্তব্য কৰি টেনিচনৰ Charge of the light brigade দৰে আধুনিক কবিতাৰ প্ৰভাৱৰ কথা উল্লেখ কৰি তেনে কবিতাৰ দ্বাৰা প্ৰভাবিত হ'লেও নিজে স্বকীয় শৈলীৰ কবিতা চৰ্চাৰ প্ৰয়াস কৰি গৈছোঁ বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d652dea6-b477-4a84-904f-59a2433b5900/WhatsApp_Image_2022_12_06_at_9_34_22_PM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f00c1d5d-08b8-4863-af6e-ff9437091692/WhatsApp_Image_2022_12_06_at_9_34_22_PM.jpeg)
বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ৰমেশ চন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰি কবিতা ৰচনা কৰিবলৈ এটি সৃষ্টিশীল মনৰ প্ৰয়োজন আৰু এনে শক্তিশালী সৃষ্টিশীলতা সকলোৰে মাজত নাথাকে বুলি মন্তব্য কৰে। লগতে কয় যে, মুকুল গোস্বামী এগৰাকী শক্তিশালী সৃষ্টি চেতনাৰ ব্যক্তি ।
আনহাতে অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষক তথা এগৰাকী নিয়মীয়া প্ৰাবন্ধিক নবীন চন্দ্ৰ লহকৰে ভাষণত মুকুল গোস্বামীৰ কবিতাৰ স্বত:স্ফুৰ্ত আবেদনে মোক সন্মোহিত কৰিছে বুলি কৈ তেওঁৰ ৰোমান্টিকধৰ্মী চিত্ৰকল্পঘন কবিতাৰ মাজেৰে সমাজ জীৱন বাস্তব ছবি চিত্ৰায়িত হৈছে বুলি মন্তব্য কৰে। তেজপুৰৰ সু আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতাই কাব্যগ্ৰন্থখনৰ এটি কবিতাও আবৃত্তি কৰে।
তদুপৰি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণত কয় যে তেজপুৰ সাহিত্য সভাত কেইবা দশক জুৰি গ্ৰন্হ উন্মোচনৰ এক পৰম্পৰাৰ সৃষ্টি কৰাৰ মাজতে ইংৰাজী বৰ্ৰষ শেষৰ সময়খিনিত উপনীত হৈ এখনি কাব্যগ্ৰন্হ উন্মোচন কৰিবলৈ পাই তেজপুৰ সাহিত্য সভা আহ্লাদিত অনুভৱ কৰিছে। অনুষ্ঠানত অৰূপ কলিতাইয়ো কবি মুকুল গোশ্বামীৰ গ্ৰন্থখনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় ।
আৰু পঢ়ক: শাসকীয় দলৰ পৃষ্ঠপোষকতাত শ্ৰীৰামপুৰত চলি আছে চিণ্ডিকেটৰাজঃ ৰিপুন বৰা