/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fec0d4a0-ccc4-4a3b-abfb-f83d6b82d87f/ffffj.jpg)
ডিজিটেল সংবাদ, জোনাই: জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত দেওবাৰে লেখক-সাংবাদিক ৰয়েল পেগুৰ 'ৰৌদ্ৰোজ্জ্বল প্ৰভাত' নামৰ কাব্যপুথি আৰু 'মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি' নামৰ গ্ৰন্থখনৰ পৰিবৰ্ধিত সংস্কৰণ উন্মোচন কৰা হয়। জোনাই ৰঙাচাৰচুক' উকোমত উন্মোচন কৰা হয় এই গ্ৰন্থখনি।
জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 ৰাজেশ্বৰ পেগুৱে সঞ্চালনা কৰা তথা সাংবাদিক গৌতম পেগুৱে আঁত ধৰা সভাত কাব্যপুথিখন উন্মোচন কৰে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰায়াং মিলিটেৰী ষ্টেচনৰ কাৰ্যবাহী অভিযন্তা তথা বিশিষ্ট কবি সঞ্জীৱ দেৱ ৰয়ে । লগতে 'মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি'খন উন্মোচন কৰে মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক-সাহিত্যিক ড0 দীপক কুমাৰ দলেয়ে।
উল্লেখযোগ্য যে 'ৰৌদ্ৰোজ্জ্বল প্ৰভাত' নামৰ কাব্যপুথিত ৪০ টা অসমীয়া আৰু ১০ টা মিচিং মুঠ ৫০ টা উচ্চমানৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে। উন্মোচক সঞ্জীৱ দেৱ ৰয়ে নিজৰ উন্মোচনী ভাষণত ৰয়েল পেগু এগৰাকী প্ৰতিবাদী-প্ৰগতিশীল কবি বুলি উল্লেখ কৰি ৰৌদ্ৰোজ্জ্বল প্ৰভাত কাব্যগ্ৰন্থৰ কবিতাত গভীৰ সমাজ চেতনা, মানৱীয় মূল্যবোধ আৰু বৈপ্লৱিক আদৰ্শৰ চানেকি পাঠকচিত্ত আন্দোলিত কৰিব পৰাকৈ শৈল্পিক ভাষাত খোদিত কৰা বুলি মন্তব্য কৰে।
গ্ৰন্থ উন্মোচনৰ পাছত ড0 দীপক কুমাৰ দলেয়ে নিজৰ ভাষণত কয়- মিচিং সংগ্ৰামৰ লগত নিবিড়ভাৱে জড়িত সাংবাদিক ৰয়েল পেগুৰ 'মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি' গ্ৰন্থখন মিচিং সংগ্ৰামৰ মেটমৰা সম্ভাৰ তথা দলিল স্বৰূপ।
মিচিংসকলৰ স্বাধিকাৰৰ গণ সংগ্ৰামৰ পটভূমিৰ এমুঠি প্ৰবন্ধ সংকলন তথা ২০১২ চনত প্ৰথম সংস্কৰণ প্ৰকাশ পোৱা 'মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি' গ্ৰন্থখনৰ পৰিবৰ্ধিত সংস্কৰণত ২০১৩ চনত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু পৰবৰ্তী সময়ৰ মিচিং সংগ্ৰামৰ বিভিন্ন দিশসমূহৰ লগতে কেইটামান নতুন লেখা সংযোজন কৰা হৈছে। ‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি' শীর্ষক পুথিখনি প্ৰকৃততে লেখক-সাংবাদিক ৰয়েল পেগুৱে বিভিন্ন সময়ত লিখা এলানি প্ৰবন্ধৰ সংকলন। ইয়াৰ প্রায়খিনিয়েই বিভিন্ন কাকত-আলোচনীত ইতিমধ্যে প্রকাশ পাই গৈছে।
উক্ত প্রবন্ধসমূহৰ সংকলনৰ দ্বাৰা গঢ় লোৱা এই পুথিখনি মিচিং স্বাধিকাৰ, আত্মনিয়ন্ত্ৰণৰ বাবে কৰা স্বায়ত্তশাসন আন্দোলনৰ বাস্তৱ ছবি এখন তুলি ধৰাৰ লেখকৰ এটি বিনম্র প্রয়াস। সেই প্ৰয়াসৰ স'তে সংগতি ৰাখি মিচিং স্বায়ত্তশাসন সম্পৰ্কীয় ঘটনা-পৰিঘটনাৰ বহুতো তথ্য সন্নিৱিষ্ট কৰি বিস্তৃত লেখা আগবঢ়াইছে। মিচিং স্বায়ত্তশাসন আন্দোলনৰ বিষয়ক লৈ একেখন পুথিতে এনে সুবিস্তৃত তথ্যসম্বলিত লেখা ইয়াৰ আগতে প্ৰকাশ পোৱা নাই। এইক্ষেত্ৰত পুথিখনে বিশেষত্ব দাবী কৰিব পাৰে। লেখক-সাংবাদিক ৰয়েল পেগুৰ পুথিখনত বিষয়বস্তুৰ তথ্যভিত্তিক উপস্থাপনৰ প্ৰয়াসক নিশ্চয় শলাগিব লাগিব। পুথিখনে মিচিং স্বায়ত্তশাসন আন্দোলনৰ ভালেখিনি দিশ আৰু তথ্য ৰাইজক অৱগত কৰাৰ লগতে পাঠকক চিন্তাৰ খোৰাক যোগাব।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, শিল্পী ইন্দ্ৰেশ্বৰ পেগু, বিশিষ্ট কবি নবীন গগৈ, বিশিষ্ট কবি-প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালা, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জোনাই শাখা কবি সন্মিলনৰ সম্পাদিকা প্ৰান্তিক শৰ্মা, ধেমাজি ডায়েটৰ প্ৰবক্তা জুনিশ পাতিৰ, বিজয় বৰি, ৰাজীৱ পেগু, খগীৰাম পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, জোনাই প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ প্ৰজাপতি, সাংবাদিক ভাস্কৰজ্যোতি টায়েং, দেবেন টায়ুং, কৰবী দলে, প্ৰাণজিৎ দলে, জোনাই জিলা টি এম পি কেৰ সম্পাদক মিগম দলে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
তিনি সাহিত্য গোষ্ঠীৰ হৈ 'আখৰ প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশিত তথা গুৱাহাটীৰ ভৱানী অছেট এণ্ড ইমেইজিং ছিষ্টেমছ প্রাঃ লিমিটেডত মুদ্ৰিত 'মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি'ৰ মূল্য তিনিশ টকা আৰু 'ৰৌদ্ৰোজ্জ্বল প্ৰভাত'তৰ মূল্য দুশ টকা। প্ৰচ্ছদ প্ৰদীপ নাথৰ।
উল্লেখযোগ্য যে বিভিন্ন সামাজিক আৰু প্ৰকৃতি সংগঠনৰ লগত জড়িত সাংবাদিক-লেখক ৰয়েল পেগুৰ ‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি' আৰু 'ৰৌদ্ৰোজ্জ্বল প্ৰভাত'তৰ লগতে বৰ্ষাৰণ্য পবা ’(২০১৪), 'অৰণ্য-জনাৰণ্য' (২০১৫), ‘সমাজ-সংস্কৃতি আৰু অন্যান্য' (২০১৮), 'বৰ্ষাৰণ্য পবা— শতিকাগৰকা দুলুঙৰ জীৱ-বৈচিত্ৰ্য' (২০১৮) আদি গ্রন্থ প্রকাশ পাইছে। তদুপৰি পেগুৱে একুৰিৰো অধিক বিভিন্ন গ্রন্থ সম্পাদনা কৰিছে।
আৰু পঢ়ক: নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউইচেলিংৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন