মঙলদৈত ৰমেশ চন্দ্ৰ ডেকাৰ গ্ৰন্থ উন্মোচন...

মঙলদৈত ৰমেশ চন্দ্ৰ ডেকাৰ গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ, মঙলদৈঃ অসম আন্দোলনৰ এজন নিষ্ঠাৱান সেনানী ৰমেশ চন্দ্ৰ ডেকাৰ নৱতম গ্ৰন্থ 'সঁচা সান্নিধ্য' দেওবাৰে দৰং জিলা সাহিত্য সভাৰ মঙলদৈস্থিত সাহিত্য প্ৰকল্পত উন্মোচন কৰা হয়। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সভাপতিত্বত হোৱা এই সভাত দৰং জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই গ্ৰন্থখন উন্মোচন কৰে।

তেওঁ কয় যে, জাতীয়তাবাদী ভাৱধাৰাৰ এসময়ৰ বলিষ্ঠ নেতা ৰমেশ চন্দ্ৰ ডেকাৰ এই গ্ৰন্থই অসম আন্দোলনৰ কিছু আভাস দাঙি ধৰিছে। এনে গ্ৰন্থই ইতিহাসৰ সমল দিয়ে বুলি উল্লেখ কৰি তেওঁ নৱপ্ৰজন্মক বৰ্তমান শিপাৰ সন্ধান দিয়াৰ দায়িত্ব জ্যেষ্ঠ সকলে লব লাগিব বুলি তেওঁ কয়। অৱসৰপ্ৰাপ্ত শিক্ষক বাসৱ চন্দ্ৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই লগতে বৰ্তমান নৱপ্ৰজন্ম তথ্য প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি কয়, নৱপ্ৰজন্মক উৎসাহিত কৰি তেওঁলোকক সেন্দুৰীয়া পথৰ সন্ধান দিব লাগিব।

সভাত অসম আন্দোলনৰ নেত্ৰী তথা বৰ্তমান ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱীয়ে কয় যে, সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে এসময়ত এচাম যুৱকে অসম আন্দোলন কৰিছিল আৰু তাৰ ফলশ্ৰুতিত গঠন হৈছিল অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল। সেই দলেই অসমৰ দুবাৰকৈ শাসনভাৰ গ্ৰহণ কৰি সোণৰ অসমৰ ঠাইত কি কি কাম কৰিলে সেয়া আজি সকলোৰে সন্মুখত জলজল পটপটকৈ ওলাই আছে বুলি কট্যাক্ষ কৰে। তেওঁ লগতে অকল নিজক বা পৰিয়ালক ভাল পালেই নহ'ব; সমাজ তথা দেশক ভাল পাব লাগিব বুলি কয়।

শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাই এটি গীত পৰিৱেশন কৰা এই সভাত বিশিষ্ট জাতীয়তাবাদী নেতা ৰামেশ্বৰ শৰ্মা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি, শিশু মহীয়ান জীতেন ভাগৱতী, নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মা, আছুৰ উপসভাপতি খনিন্দ্ৰ কুমাৰ ৰাজবংশী, মঙলদৈ বণিক সন্থাৰ উপসভাপতি ৰমেশ ঘোষ, সাংবাদিক গণেশ দত্ত, লেখক ৰমেশ চন্দ্ৰ ডেকা আদিয়ে বক্তব্য প্ৰদান কৰে। উক্ত সভাত দুই শতাধিক লোক উপস্থিত থাকে।

মঙলদৈত ৰমেশ চন্দ্ৰ ডেকাৰ গ্ৰন্থ উন্মোচন...
কাজিৰঙাত গ্ৰাহকৰ ৰূপত ডকাইটঃ পৰ্যটক নিবাসৰ গৰাকীৰ পৰা লুটি নিলে সোণৰ অলংকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in