/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ef2f44d6-3138-4605-8f85-1a1225e74c99/6.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত গ্ৰাহকৰ ৰূপত অহা প্ৰৱঞ্চকে ব্যক্তিগত পৰ্যটক নিবাসৰ গৰাকীৰ গাৰ পৰা চাতুৰীৰে খুলি নিলে সোণৰ অলংকাৰ ৷ দেওবাৰে কহঁৰাৰ ৰিগেল গেষ্ট হাউচ নামৰ পৰ্যটক নিবাসটোত দেউবাৰে বিয়লি সংঘটিত হয় এই ঘটনা।
মটৰ চাইকেলত অহা প্ৰৱঞ্চক দুটাই পৰ্যটক নিবাসটোত প্ৰৱেশ কৰি পৰ্যটক নিবাসটোৰ মহিলা স্বতাধিকাৰীগৰাকীৰ সৈতে চাৰিটা কোঠাৰ আগতীয়া বুকিং সন্দৰ্ভত কথা পাতিছিল। নিজকে উজালা কোম্পানীৰ লোক বুলি পৰিচয় দি মহিলাগৰাকীৰ গাৰ পৰা প্ৰায় বলপূৰ্বক সোণৰ চেইন আঙুঠি বালা আদি পৰিস্কাৰ কৰি দিয়াৰ বাবে খুলি লৈ পাউদাৰ সদৃশ পদাৰ্থ থকা পেকেটত ভৰাই চতুৰালিৰে মহিলাগৰাকী নামটো লিখি দিবলৈ কয় ৷
তাৰপাছতেই এজনে আন কামৰ উজুহাত দেখুৱাই ওলাই যোৱাৰ লগে লগে আনজনো ওলাই গৈ মটৰ চাইকেললৈ উধাও হয় ৷ মহিলাগৰাকীয়ে পাছে পাছে খেদি গৈছিল যদিও প্ৰৱঞ্চক দুটাক ধৰিবলৈ সক্ষম নহয়৷ এই সমগ্ৰ ঘটনা পৰ্যটক নিবাসৰ চিচি টিভিত বন্দী হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us