মাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৫ শতাধিক ৰাইজৰ প্ৰতিবাদ

মাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৫ শতাধিক ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, সৰভোগঃ পূৰ্বে ঘোষিত মাণিকপুৰ মহকুমাক বিলুপ্তিৰ উপৰি সকলো দিশৰ পৰা বঞ্চিত মাণিপুৰবাসী ৰাইজে বৃহস্পতিবাৰে মাণিকপুৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কেবাজনো প্ৰতিবাদকাৰীয়ে সমূহীয়া মুণ্ডণ কৰাৰ লগতে এক বৃহৎ প্ৰতিবাদী সমদল উলিৱাই।

প্ৰতিবাদকাৰীসকলে "মাণিকপুৰ উপ-জিলা গঠন কৰিব লাগিবই", "মাণিকপুৰক সকলো দিশত বঞ্চিত কৰা নচলিব", "ন' ছাব ডিষ্ট্ৰিকট্ ন' ৰেষ্ট" আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

চৰকাৰে মাণিকপুৰক মহকুমা ঘোষণা কৰাৰ পিছত পৰৱৰ্তীসময়ত বিলুপ্ত কৰাকে আদি কৰি মাণিকপুৰ সমষ্টিৰ গঠনৰ পৰা বঞ্চিত, মাণিকপুৰক উপ জিলাৰ মৰ্যাদা প্ৰদান নকৰা কাৰ্যত ক্ষোভিত হৈ মাণিকপুৰ আটাইবোৰ দল-সংগঠ একত্ৰিত হৈ মাণিকপুৰ উপ জিলা দাবী সমিতিৰ উদ্যোগত পাঁচ শতাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।প্ৰতিবাদকাৰী সকলে শেষত মাণিকপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে।

মাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৫ শতাধিক ৰাইজৰ প্ৰতিবাদ
ভূমি কেলেংকাৰী, মন্ত্ৰীৰ অসংসদীয় আচৰণক লৈ উত্তপ্ত বিধানসভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in