ভূমি কেলেংকাৰী, মন্ত্ৰীৰ অসংসদীয় আচৰণক লৈ উত্তপ্ত বিধানসভা...

ভূমি কেলেংকাৰী, মন্ত্ৰীৰ অসংসদীয় আচৰণক লৈ উত্তপ্ত বিধানসভা...
ভূমি কেলেংকাৰী, মন্ত্ৰীৰ অসংসদীয় আচৰণক লৈ উত্তপ্ত বিধানসভা...

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থটো দিন। আজিৰ বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসংসদী আচৰণ আৰু বহুল চৰ্চিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী বিষয়টোক লৈ সদন উত্তপ্ত হৈ পৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নীৰ প্ৰতিষ্ঠানে ৫০ বিঘাৰো অধিক কৃষি ভূমি ক্ৰয় কৰি উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজ সাহায্য লাভ কৰা বুলি ব্যাপচ চৰ্চা অব্যাহত থকাৰ মাজতে অসম বিধানসভাত আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰথমে বিষয়টো উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰে।

কিন্তু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সভা স্থগিতৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। যাৰ বাবে কংগ্ৰেছ বিধায়কসকলে হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰাৰ লগতে হাতে হাতে প্লে’কাৰ্ড লৈ বিধানসভাৰ অধ্যক্ষৰ আসনৰ সন্মুখলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে।

ফলত অধ্যক্ষই ১৫ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে। পৰৱৰ্তী সময়ত পুনৰ সদন আৰম্ভ হয় যদিও কংগ্ৰেছে বিষয়টোৰ ওপৰত আলোচনাৰ দাবীৰে সভা স্থগিতৰ প্ৰস্তাৱত অটল থাকে।

কিন্তু বিৰোধীৰ প্ৰস্তাৱ পুনৰ অধ্যক্ষই প্ৰত্যাখ্যান কৰে। এনে পৰিস্থিতিত কংগ্ৰেছ বিধায়কসকলৰ লগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সদন ত্যাগ কৰে।

ইফালে অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ ভিতৰত আজি প্ৰদৰ্শন কৰা আচৰণেও বিশেষ চৰ্চা লাভ কৰাৰ লগতে তেওঁ সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে। মন্ত্ৰীগৰাকীৰ আচৰণক লৈও উত্তাল হৈ পৰে সদন। সদনৰ মাজতে বিধায়ক অখিল গগৈক বুঢ়া আঙুলি দেখুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তাল পৰিৱেশ।

উল্লেখ্য আজি সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল সংখ্যালঘু উন্নয়ন বিভাগৰ পুঁজিৰ ব্যৱহাৰৰ এ প্ৰশ্ন। সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈয়ে তেওঁ বিৰোধীক দুই হাতৰ বুঢ়া আঙুলি প্ৰদৰ্শনেৰে অসংসদীয় আচৰণ কৰে। জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ এনে আচৰণত ক্ষোভিত হৈ সদন ত্যাগ কৰে বিৰোধী কংগ্ৰেছে।

স্মৰ্তব্য দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন আছিল সংখ্যালঘু উন্নয়ন বিভাগৰ ইউ চি প্ৰদানত ব্যৰ্থ হৈছে কিয়? কিয় উপায়ুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই? এই প্ৰশ্নৰ উত্তৰ দি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, পুঁজিৰ ব্যৱহাৰৰ দৈনিত পৰ্যবেক্ষণ হৈ আছে। কিন্তু তেওঁৰ উত্তৰ সঠিক হোৱা নাই বুলি বিৰোধীয়ে কোৱাৰ লগতে অখিল গগৈয়ে মন্ত্ৰীয়ে বেয়া উত্তৰ দিছে, একো নাজানে বুলি মন্তব্য কৰে।

অখিল গগৈৰ এনে মন্তব্যতে জাঙুৰ খাই উঠে মন্ত্ৰী পাটোৱাৰী। তেওঁ অখিল গগৈৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি দুই হাতৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অসংসদীয় আচৰণ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে।

ইয়াৰ পাছতে তেওঁৰ এই আচৰণক লৈ দেৱব্ৰত শইকীয়াই উভতি ধৰাৰ লগতে তেওঁৰ এই কাৰ্যই বিধানসভাৰ গৰিমা ম্লান কৰিলে বুলি মন্তব্য কৰে বিৰোধীয়ে। গণতন্ত্ৰৰ মন্দিৰ সদনত এজন জ্যেষ্ঠ মন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাই সতীৰ্থ বিধায়কক অপমান কৰা কাৰ্য অসমৰ বিধানসভাৰ ইতিহাসতে দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে।

তেওঁৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষক বিৰোধীয়ে দাবী জনায়।

ভূমি কেলেংকাৰী, মন্ত্ৰীৰ অসংসদীয় আচৰণক লৈ উত্তপ্ত বিধানসভা...
জয়ন্ত বৰুৱাক সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in