/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a17c7254-d584-47eb-a44d-051fa9e42bb5/bongaoigaon 6.jpg)
বঙাইগাওঁ চিভিল হাস্পতালত পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ,অক্সিজেন গেছ উৎপাদন প্ৰকল্প উদ্বোধন...
ডিজিটেল ডেস্কঃ বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে বঙাইগাওঁ চিভিল হাস্পতালত শুকুৰবাৰে শিশু আৰু মাতৃৰ বাবে ৫০ খন বিচনাযুক্ত পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ, ৫০০ এল পি এম চিকিৎসা অক্সিজেন গেছ উৎপাদন প্ৰকল্প উদ্বোধন কৰে। ইয়াৰোপৰি বিৰঝৰা এইছ এছ স্কুলৰ খেল পথাৰৰো আন্তঃগাঁথনিপুনৰ নিৰ্মাণ আৰু উন্নয়ন প্ৰকল্পৰ শিলন্যাস কৰে।
এই আঁচনি ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ বঙাইগাওঁ ৰিফাইনেৰীৰ কৰ্পোৰেট এনভাইৰনমেণ্ট ৰেছপনচিবিলিটিৰ উদ্যোগত গ্ৰহণ কৰা হৈছে। এই দুয়োটা কাৰ্যসূচীতে সাংসদগৰাকীৰ সৈতে উপস্থিত থাকে বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠক, বঙাইগাওঁ ৰিফাইনেৰীৰ মুৰব্বী আৰু কাৰ্যকৰী সঞ্চালক নয়ন কুমাৰ বৰুৱাৰ লগতে মিহিৰ সিংঘাল, কেশৱ চন্দ্ৰ দৈমাৰী, মুসুখা বড়ো আদিৰ লগতে জিলা প্ৰশাসন আৰু বঙাইগাওঁ ৰিফাইনেৰীৰ উচ্চ পদস্থি বিষয়াসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/334fadaf-6d9d-41b0-a4e7-6168dac57725/194303bc-76f7-4f01-8548-fe9e0f73d96a.jpg)
উল্লেখ্য যে, বঙাইগাওঁ জিলা আয়ুক্তই বঙাইগাওঁ ৰিফাইনেৰীক চিভিল হাস্পতালত সদ্যোজাত শিশু আৰু মাতৃৰ পুষ্টি পুনৰ সংস্থাপন ৱাৰ্ড স্থাপনৰ বাবে এক প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱত গ্ৰহণ কৰি বঙাইগাওঁ ৰিফাইনেৰীয়ে ৫০ খন বিচনাযুক্ত এই পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ নিৰ্মাণ কৰি উলিয়াইছে। এই কেন্দ্ৰটোক এটা জেনেৰেটৰসহ সকলো প্ৰয়োজনী চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে। পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত মাতৃ আৰু নৱজাতক শিশুসকলক প্ৰসৱ পূৰ্ব, প্ৰসৱোত্তৰ সময়ত মানদণ্ডসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিব।
ইয়াৰোপৰি চিকিৎসালয়খনত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিডিটেড, বঙাইগাওঁ ৰিফাইনেৰীয়ে অক্সিজেন চিলিণ্ডাৰ ৰিফিলিঙৰ বাবে বুষ্টাৰ কম্প্ৰেচাৰৰ সৈতে ৫০০ এল পি এম মেডিকেল অক্সিজেন গেছ উৎপাদন প্ৰকল্পও স্থাপন কৰিছে।
অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰীয়ে বঙাইগাওঁ ৰিফাইনেৰীয়ে সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শনেৰে এনে প্ৰকল্প হাতত লোৱাৰ বাবে প্ৰশংসা কৰি কয় যে, এই সুবিধাসমূহে বঙাইগাওঁ চিভিল হাস্পতালত অতিৰিক্ত মৌলিক স্বাস্থ্য সুবিধা প্ৰদান কৰাত বহুদূৰ আগবাঢ়ি যাব। এই সুবিধাসূহ গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/206bf3bb-08cd-4db2-bd70-2536201fc44e/2c2b9b9d-7f37-43d8-aeae-cd9cf68aee75.jpg)
এই অনুষ্ঠানৰ পাছতে সাংসদগৰাকীয়ে বিৰঝৰা এইছ এছ স্কুলৰ খেল পথাৰৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই খেল পথাৰখন বিভিন্ন ক্ৰীড়াৰ আৰু সামূহিক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে ব্যৱহৃত হৈ আহিছে। খেল পথাৰখনৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰো কাম বঙাইগাওঁ ৰিফাইনেৰীৰ দ্বাৰাই সম্পন্ন হ’ব।
এই খেলপথাৰখনৰ উন্নয়নৰ সন্দৰ্ভত সাংসদ চৌধুৰীৰ লগতে জিলা প্ৰশাসন, ৰিফাইনেৰীৰ উচ্চপদস্থ বিষয়া আৰু বিদ্যালয়খনৰ শিক্ষকসকলৰ উপস্থিতিত জিলা আয়ুক্ত আৰু বঙাইগাওঁ ৰিফাইনেৰীৰ মুৰব্বী তথা কাৰ্যকৰী সঞ্চালকৰ মাজত এক বুজাবুজিৰো চুক্তিও সম্পন্ন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e4044bad-4a9c-46d9-90e7-ea9095af2e6a/010db480-e72b-4b3a-95aa-9df1f6a3740f.jpg)
Also Read: বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্য্যালয় স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ...