বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্য্যালয় স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ...

এইবাৰ বামুণী নাগৰিক সভাই প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্য্যালয়  স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ...

বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্য্যালয় স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ...

ডিজিটেল সংবাদ বঢ়মপুৰঃ ৰাজ্যত বিধানসভা ভিত্তিত উপজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ খিয়ালখুচিমতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

Advertisment

ৰাজ্যৰ অনান্য উপজিলাসমূহৰ সমান্তৰালকৈ বঢ়মপুৰ উপজিলাতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উপজিলাখনৰ সদৰ কাৰ্যালয়টো সমষ্টিটোৰ মধ্যভাগত স্থাপন কৰাৰ বিপৰীতে সমষ্টিটোৰ সীমামূৰীয়া অঞ্চল কামপুৰত স্থাপন কৰিবলৈ লোৱা পদক্ষেপক সমষ্টিটোৰ ৰাইজে সহজভাবে ল'ব পৰা নাই।

এই সন্দৰ্ভত বামুনী নাগৰিক সভাৰ এটা সজাতি দলে আজি নগাঁও জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সজাতি দলটোত আছিল বামুনী নাগৰিক সভাৰ সভাপতি ৰবীন চন্দ্ৰ কুমাৰ, সম্পাদক অজয় পাটৰ আৰু উপদেষ্টা গনেশ বৰাইক।

সজাতি দলটোক সহযোগ কৰে নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই।স্মাৰক পত্ৰ প্ৰদান কৰি বামুনী নাগৰিক সভাৰ সম্পাদক অজয় পাটৰে কয় যে- "চৰকাৰী পক্ষই বঢ়মপুৰ উপজিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপনৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব লাগে। চৰকাৰৰ এটা ভুল সিদ্ধান্তই যদি জনতাক অসুবিধাৰ মাজলৈ ঠেলি দিয়ে তেন্তে এই সিদ্ধান্ত সৰ্বকালৰ বাবে ভুল সিদ্ধান্ত লোৱা হ'ব। সেয়েহে চৰকাৰী পক্ষই জনতাৰ সুবিধাৰ বাবে সমষ্টিটোৰ মধ্যভাগত কৰিব লাগে ।

Also Read: বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হৈ লোকনিৰ্মাণ বিভাগত মহেন্দ্ৰ গুৰুঙৰ দৌৰাত্ম্য...

বঢ়মপুৰ