/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8b284ff6-d91f-4275-9eda-531718eac8c6/web_copy.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱৰ মাণিকপুৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মানিকপুৰক উপ-জিলা ঘোষণাৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত সৃষ্টি হয় এই উত্তেজনাৰ। উত্তেজনাত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ দলেৰে হতাহতি হয় প্ৰতিবাদকাৰীৰ।
উল্লেখ্য যে, মানিকপুৰ বজাৰগৃহৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ সহস্ৰাধিক ৰাইজে সমদল কৰি আগবাঢ়ি যায়। আৰক্ষীৰ বেৰিগেট ভাঙি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে।
প্ৰায় আধা ঘণ্টা অৱৰোধ কৰাৰ অন্তত মাণিকপুৰ চক্ৰ বিষয়াৰ বুজনিত অৱৰোধ কাৰ্যসূচী উঠাই লয় যদিও প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথতে বহু যান-বাহন আৱদ্ধ হৈ পৰে। তদুপৰি প্ৰতিবাদস্থলীতে এজন প্ৰতিবাদকাৰী ঢলি পৰাতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।
Also Read: পাণ্ডুৰ জাবৰৰ দ'মত উদ্ধাৰ মৃতদেহ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us