
ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মাহনগৰীত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। এইবাৰ স্থান মালিগাঁৱৰ পাণ্ডুত উদ্ধাৰ হৈছে এই মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী যুৱকৰ।
উল্লেখ্য যে, পাণ্ডুৰ জয়মতী নগৰত এটা জাবৰৰ দ'মত উদ্ধাৰ হৈছে মৃতদেহটো। জানিব পৰা মতে প্ৰথমে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই মৃতদেহটো। তাৰ পাছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰিছে যদিও এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। উল্লেখ্য, ইয়াৰ পূৰ্বে বিগত ১৪ আগষ্টক পাণ্ডুৰ পৰা কিছু নিলগত আদাবাৰী অঞ্চলৰ এটা জাবৰৰ দ'মত এটা মৃতদেহ উদ্ধাৰ হৈছিল।