শ্ৰমিকৰ ওপৰত পৰিল লোৰ গেট, বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি...

বুধবাৰ দিনৰ ভাগত বঙাইগাঁও জিলাৰ ১৪ নং কাকাৰাগাঁও গাওঁ পঞ্চায়ত কাৰ্যালয়ত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়
শ্ৰমিকৰ ওপৰত পৰিল লোৰ গেট, বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ, চিৰাং: বুধবাৰ দিনৰ ভাগত বঙাইগাঁও জিলাৰ ১৪ নং কাকাৰাগাঁও গাওঁ পঞ্চায়ত কাৰ্যালয়ত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় । পঞ্চায়ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ প্ৰকাণ্ড আকাৰৰ লোৰ গেট শৰীৰৰ ওপৰত পৰি এজন শ্ৰমিকৰ অকাল মৃত্যু হয়।

নিহত শ্ৰমিক জনক বাসুগাঁও চহৰৰ সমীপৰ ঘিলাগুৰী গাঁৱৰ বাসিন্দা তথা চিত্ৰশিল্পী নবীন চন্দ্ৰ দে (৩১) বুলি চিনাক্ত কৰা হয় । প্ৰত্যক্ষদৰ্শীৰ মতে পুৱাৰে পৰা নৱীন চন্দ্ৰ দে নামৰ যুৱ শ্ৰমিক জনে পঞ্চায়ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ খুটাত ৰঙৰ কাম কৰি আছিল। কাম কৰি থকাৰ সময়তে প্ৰায় পাঁচ কুইণ্টল ওজনৰ লোৰ প্ৰকাণ্ড আকাৰৰ গেটখন আকস্মিক ভাৱে নৱীনৰ শৰীৰৰ ওপৰত পৰি যোৱাত নৱীন ফলত গুৰুতৰ ভাৱে আহত হয় ।

ঘটনাৰ পিছত পঞ্চায়ত কাৰ্যালয় চৌহদত থকা ৰাইজৰ মাজত হুৱাদুৱা লাগি যায় । উপস্থিত স্থানীয় লোৰ গেটৰ তলত আবদ্ধ হৈ পৰা নৱীন চন্দ্ৰ দে ক উলিয়াই আনি বিদ্যাপুৰৰ ত্ৰিশ খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে নৱীনক মৃত বুলি ঘোষনা কৰে । ইপিনে পঞ্চায়ত কাৰ্যালয়ৰ লোৰ গেট শৰীৰৰ ওপৰত পৰি স্থানীয় যুৱ শ্ৰমিক নৱীনৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছত পঞ্চায়ত কাৰ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

একমাত্ৰ পঞ্চায়ত কাৰ্যালয়ৰ গাফিলতিৰ বাবেই শ্ৰমিক জনৰ অকাল মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি একাংশ লোকে কাৰ্যালয়ত ভিতৰত প্ৰৱেশ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে । স্থানীয় লোকৰ অভিযোগ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত শ্ৰমিক জনক শুশ্ৰূষা কৰা বা চিকিৎসালয় লৈ নিয়া ক্ষেত্ৰত পঞ্চায়ত কর্তৃপক্ষই যি ধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল সেয়া নকৰি কাৰ্যালয়ৰ চকীদাৰৰ হতুৱাই বিদ্যাপুৰ ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ত পঠিয়াই দি দায়িত্ব সামৰিছিল।

দুৰ্ভাগ্যজনক কথা যে চিকিৎসালয়ৰ পৰা নৱীনৰ মৃত্যু সংবাদ অহাৰ পিছতো পঞ্চায়ত কাৰ্যালয়খনত তাৰ কোনো প্ৰভাৱ পৰা নাছিল বৰঞ্চ স্বাভাবিক কাম-কাজ চলাই আছিল যিটো স্থানীয় লোকে সহজ ভাবে মানি লব পৰা নাছিল । পঞ্চায়ত কাৰ্যালয়ত ৰঙৰ কাম কৰিবলৈ আহি অকাল মৃত্যুক সাৱতি লোৱা যুৱ শ্ৰমিক জনৰ প্ৰতি নুন্যতম মানৱতা ৰক্ষা নকৰা বাবে একাংশ ক্ষুদ্ধ জনতাই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি কৰ্মৰত কৰ্মচাৰী সকলক কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে ।

ইপিনে উত্তেজিত জনতাই পঞ্চায়ত সভাপতি মুৰ্দাবাদ, নিহত নৱীন দেৰ উপযুক্ত ক্ষতিপূৰণ আদায় দিব লাগিব, নৱীনৰ মৃত্যুৰ বাবে দায়ী দোষী ব্যক্তিক আটক কৰক আদি শ্লোগানেৰে পঞ্চায়ত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে। খবৰ লাভ কৰি ঘটনাস্থলীত বিদ্যাপুৰ আৰক্ষী চকীৰ পৰা আৰক্ষীৰ এটা দল কাকাৰাগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয় ।

তাৰ খন্তেক পিছত ঘটনাৰ বুজ লবলৈ কাকাৰাগাঁও গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত আহি উপস্থিত হয় বিদ্যাপুৰ ৰাজহ চক্ৰ বিষয়া জয়ন্ত চক্ৰবৰ্তী আৰু ডাংতল উন্নয়ন খণ্ড বিষয়া ৰৌশানুৰ ৰহমান আহমেদ । ৰাজহ চক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তীয়ে ৰাজহুৱা স্থানত কাম কৰি থকা সময়ত দুৰ্ঘটনা পতিত হৈ মৃত্যুক সাৱতি লোৱা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নৱীন চন্দ্ৰ দে ৰ নিকট আত্মীয়ক চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি যিখিনি আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা লগতে চৰকাৰী ভূমিত বসবাস কৰা পৰিয়ালটোক ভূমি আবন্টন দিয়াৰ ব্যবস্থা কৰা হ'ব বুলি সদৰি কৰে ।

পঞ্চায়ত খনত চলি থকা দুৰ্নীতি আৰু অৱহেলাৰ বাবেই আজি শ্ৰমিক জনৰ অকাল মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰি ডাংতল উন্নয়ন খণ্ড বিষয়া ৰৌশানুৰ ৰহমান আহমেদক ঘেৰাও কৰি উত্তেজিত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে । পিছত ৰাজহচক্ৰ বিষয়া আৰু বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হস্তক্ষেপত উত্তেজিত ৰাইজৰ মাজৰ পৰা উন্নয়ন খণ্ড বিষয়া জনক উদ্ধাৰ কৰি লৈ যোৱাত পৰিস্থিতিৰ শাম কাটে । ইপিনে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নৱীন চন্দ্ৰ দে ক হেৰুৱাই পৰিয়ালৰ লোক শোকত ভাগি পৰিছে । মৃত্যুৰ সময়ত নৱীন চন্দ্ৰ দে বৃদ্ধা মাতৃ, পত্নী আৰু এটা পুত্ৰ সন্তান সংসাৰত এৰি থৈ যায় ।

আৰু পঢ়ক: লখিমপুৰৰ আৰক্ষী জোৱান সুমেশ্বৰ মুদৈলৈ 'ৰাষ্ট্ৰপতি বঁটা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in