লখিমপুৰৰ আৰক্ষী জোৱান সুমেশ্বৰ মুদৈলৈ 'ৰাষ্ট্ৰপতি বঁটা'

কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৪ সংখ্যক গণৰাজ্য দিৱস। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমবাসী তথা অসম আৰক্ষীলৈ আহিছে সুখবৰ।
লখিমপুৰৰ আৰক্ষী জোৱান সুমেশ্বৰ মুদৈলৈ 'ৰাষ্ট্ৰপতি বঁটা'

ডিজিটেল সংবাদ, ঢকুৱাখনা: কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৪ সংখ্যক গণৰাজ্য দিৱস। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমবাসী তথা অসম আৰক্ষীলৈ আহিছে সুখবৰ।

নিজৰ কাৰ্যকালত প্রদর্শন কৰা উৎকৃষ্ট সেৱাৰ বাবে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি পদকলৈ নিৰ্বাচিত হৈছে  ৰাজ্যখনৰ ৯ গৰাকীককৈ অসমীয়া আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান। এই ৯ গৰাকী সুদক্ষ আৰক্ষী বিষয়া আৰু জোৱানৰ নাম তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ এগৰাকী আৰক্ষী কনিষ্টবলে।

লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অপৰাধ শাখাত কৰ্মৰত এই গৰাকী আৰক্ষী ইউ বি কনিষ্টবলৰ নাম হৈছে সুমেশ্বৰ মুদৈ। লখিমপুৰ জিলাৰ লীলাবাৰী নিবাসী প্ৰয়াত টংকেশ্বৰ মুদৈ আৰু প্ৰয়াত লিলিমাই মুদৈৰ পুত্ৰ প্ৰায় ৪৭ বছৰীয়া সোমেশ্বৰ মুদৈয়ে ১৯৯৮ চনৰ ১৫ ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ লীলাবাৰীত অৱস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানত আৰক্ষী কনিষ্টবল হিচাবে কৰ্মজীৱনৰ পাতনি মেলে।

ইয়াৰ পাছত অত্যন্ত কৰ্তব্য পৰায়ন আৰক্ষী মুদৈয়ে ২০০৮ চনত ইউ বি কনিষ্টবল হিচাপে ধেমাজি জিলাত সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত ২০১৫ চনৰ পৰা লখিমপুৰ জিলাৰ আৰক্ষী বিভাগত নিষ্ঠাবান সেৱা আগবঢ়াই আহিছে । উল্লেখ্য যে জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অপৰাধীৰ খতিয়ান  অতি শৃংখলাবদ্ধ ভাবে সংগ্ৰহ আৰু মজুত ৰাখি জিলা আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়াই বৰেণ্য অৱদান যোগোৱাৰ বাবে মুদৈক এই বঁটাৰে বিভূষিত কৰা হয় ।

পত্নী জোনমনি মুদৈ , ২গৰাকী কন্যা আৰু আত্মীয় স্বজনৰ লগতে মুদৈৰ শুভাকাংক্ষী মহলে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানেৰে বিভূষিত হোৱাৰ বাবে নিষ্ঠাবান আৰক্ষী কনিষ্টবল গৰাকীক উষ্ণ অভিনন্দন জনাইছে।

আৰু পঢ়ক: ১২ বছৰীয়া ছাত্ৰৰ অভিনৱ প্ৰয়াস,নিজ হাতে নিৰ্মাণ কৰি উলিয়াইছে সৰস্বতীৰ প্ৰতিমা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in