বিশিষ্ট সমাজসেৱী ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ মৃত্যু : ইলোৰা বিজ্ঞান মঞ্চৰ শোক

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দেহদান
বিশিষ্ট সমাজসেৱী ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ মৃত্যু : ইলোৰা বিজ্ঞান মঞ্চৰ শোক

ডিজিটেল সংবাদ,গুৱাহাটী : বঙাগাইগাঁও জিলাৰ দক্ষিণ ঢালিগাঁও নিবাসী জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ শনিবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০১ বছৰ।

মৃত্যুৰ সময়ত ভট্টাচাৰ্য্যই তিনিগৰাকী পুত্ৰৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি থৈ গৈছে। ৰে'লৱে পেন্সনাৰ্চ সন্থাৰ উপদেষ্টা প্ৰয়াত ৰবীন্দ্ৰনাথ ভট্টাচার্য এগৰাকী বিশিষ্ট সমাজসেৱী আছিল।

উল্লেখ্য যে ২০১০ চনতে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন তথা গবেষণাৰ স্বাৰ্থত দেহদানৰ ইচ্ছা প্ৰকাশ কৰি শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা প্ৰসাৰতাৰ আন্দোলনত জড়িত হৈছিল। প্ৰয়াত ৰবীন্দ্ৰনাথ ভট্টাচার্যই শিক্ষা প্ৰসাৰৰ হকেও কাম কৰিছিল। দৰিদ্ৰ শ্ৰেণীৰ বহু ছাত্র ছাত্রীক তেওঁ আৰ্থিক সহায়তা আগবঢ়াইছিল।

মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ শেষ ইচ্ছা অনুসৰি দেওবাৰে তেওঁৰ নিথৰ দেহ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত পৰিয়ালৰ লোকে দান কৰে। ইয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শিক্ষক-কৰ্মচাৰী, ছাত্র-ছাত্রী, পৰিয়ালৰ সদস্য, ইলোৰা বিজ্ঞান মঞ্চৰ বংগাইগাওঁ শাখাৰ সভাপতি ডা০ ফিৰোজ আহমেদ সম্পাদক হৰেশ্বৰ দাস, জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ ভাগৱতী সম্পাদক আদিত্য নাথ, ৰে'লৱে পেন্সনাৰ্চ সন্থাৰ নেতৃবৃন্দ প্ৰমুখ্যে শ্ৰদ্ধা জনায়।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী প্ৰয়াত ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ প্ৰতি নিবেদন কৰিছে গভীৰ শ্ৰদ্ধা । মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি এক বিজ্ঞপ্তিযোগে জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

বিশিষ্ট সমাজসেৱী ৰবীন্দ্ৰনাথ ভট্টাচার্যৰ মৃত্যু : ইলোৰা বিজ্ঞান মঞ্চৰ শোক
খ্ৰৌমসাৰ বসুমতাৰীলৈ বাক্সা জিলা বড়ো সাহিত্য সভাৰ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in