/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/227b2c59-d7d5-4469-bdf4-cb0802c43bcb/510.jpg)
ডিজিটেল সংবাদ,মুছলপুৰ : বাক্সা জিলাৰ নাৰায়ণপুৰৰ মংগলিয়ান খেলপথাৰত অনুষ্ঠিত বাক্সা জিলা বড়ো সাহিত্য সভাৰ ১৮ সংখ্যক বাৰ্ষিক অধিৱেশনত অলপতে ইণ্ডিয়ান ইডুকেছন এৱাৰ্ড,২০২৩ বটা প্ৰাপক খ্ৰৌমসাৰ বসুমতাৰীক ৰাজহুৱা সম্বৰ্ধনা জনায়। তেওঁক এখন আৰোনাই, মানপত্ৰৰে বাগসা জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি জেব্ৰা খুংগুৰ উজিৰে প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2937b2c0-c24c-4859-a29c-4f726ec540da/1d8e7819_4f45_4c23_b23b_bfede4dce7a8.jpg)
এই সভাতে কৃতি শিক্ষক দেওবাৰ ৰামছিয়াৰী, কৃতি শিক্ষক ৰনিশ চন্দ্ৰ ৰামছিয়াৰী আৰু বাক্সা জিলা বড়ো সাহিত্য সভাই প্ৰথম বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী ছাত্ৰ,২০২৩ বটাটো মেদাঘাটৰ মঞ্জুলা মোছাহাৰীক প্ৰদান কৰা হয় । এই বঁটা বাক্সা জিলা বড়ো সাহিত্য সভাৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বড়ো বিষয়ত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীক প্ৰদান কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/657d24fe-92c2-4f0d-91ed-51b8f0a8ea98/efe45efe_53a0_463b_b713_235acad9a31d.jpg)
উক্ত সভাত বড়ো সাহিত্য সভাৰ জিলা সদস্য অতুল স্বৰ্গীয়াৰীৰ লগতে বাক্সা জিলাৰ ১৩ টা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি-সম্পাদক আৰু সাহিত্য প্ৰেমীসকল উপস্থিত থাকে।
Also Read: নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ শৈক্ষিক সাধনাৰ আন এক মাইলৰ খুঁটি