লোক বিশ্বাস অনুসৰি আমৰলী টোপ সংগ্ৰহত ব্যস্ত গঞা...

আজি গৰু বিহু । পুৱাই গো-ধনক নোৱাই ধুৱাই গো পূজন কৰাৰ সমান্তৰাল ভাৱে অন্য এক পৰম্পৰা অসমীয়া সমাজত যুগ যুগান্তৰ ধৰি চলি আহিছে । সেয়া হল আমৰলী টোপ সংগ্ৰহ
আমৰলী টোপ
আমৰলী টোপ

ডিজিটেল সংবাদ, ঢকুৱাখনা: আজি গৰু বিহু । পুৱাই গো-ধনক নোৱাই ধুৱাই গো পূজন কৰাৰ সমান্তৰাল ভাৱে অন্য এক পৰম্পৰা অসমীয়া সমাজত যুগ যুগান্তৰ ধৰি চলি আহিছে । সেয়া হল আমৰলী টোপ সংগ্ৰহ ।

অসমীয়া লোক সংস্কৃতিৰ এক অন্যন্য লোক পৰম্পৰা হিচাবে বৰ্তি আহিছে বিহুৰ সময়ত আমৰলী পৰুৱাৰ টোপ খোৱাটো । কোৱা হয় আমৰলী পৰুৱাৰ টোপ খালে বছৰটোৰ বাবে বসন্ত, হাইজা, বিভিন্ন ধৰণৰ চৰ্মৰোগ আৰু বায়ুৰোগ বিনাশ হয় অথবা এনে ৰোগৰ সংক্ৰমণ নহয় ।

অসমীয়া লোক সংস্কৃতিৰ জনবিশ্বাস আৰু পৰম্পৰা অনুসৰি ৰঙালী বিহুৰ প্ৰাৰম্ভণিতে গৰু বিহুৰ দিনা এই আমৰলী টোপৰ সন্ধান চলাৰ এক ইতিহাস বিদ্যমান । ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত এই পৰম্পৰা মানি শুকুৰবাৰে যুৱকসকলে গছৰ ডালত থকা আমৰলী বাঁহ ভাঙি টোপ সংগ্ৰহ কৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলা পৰিলক্ষিত হয় । এই আমলৰি খাদ্য হিচাপে গ্ৰহণ কৰাক লৈ বিভিন্ন জনে বৈজ্ঞানিক দৃষ্টিভংগীৰ কথাও সুৱৰাই দিয়ে ।

ঐতিহাসিক পৰম্পৰা অথবা বৈজ্ঞানীক দৃষ্টিভংগী যিয়েই নহওঁক এটা কথা ঠিক যে সাম্প্ৰতিক সময়ৰ বিহুৰ সৈতে এক অবিচ্ছেদ্য অংগলৈ পৰিণত হৈছে এই আমৰলী টোপৰ প্ৰাসংগিকতা । উচ্চ প্ৰটিনযুক্ত এই টোপক ব্যৱসায়িক ক্ষেত্ৰখনলৈ উত্তৰণ ঘটাব পাৰিলে নিশ্চিত ভাবে এই পৰম্পৰাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ অন্য এক সফল সুকীয়া যাত্ৰা সম্ভৱ হব ।

আমৰলী টোপ
দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in