অভয়াপুৰীত অষ্টম অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ...

অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনী পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয় ভাৱে মঙলবাৰে অনুষ্ঠিত হয় ১১৭ নং বেটছৰ নৱ নিৰ্বাচিত আৰক্ষীৰ দীক্ষান্ত সমাৰোহ । এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ
অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ

ডিজিটেল ডেস্কঃ অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনী পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয় ভাৱে মঙলবাৰে অনুষ্ঠিত হয় ১১৭ নং বেটছৰ নৱ নিৰ্বাচিত আৰক্ষীৰ দীক্ষান্ত সমাৰোহ । এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

অনুষ্ঠানটিত উপস্থিত থাকি অভিবাদন গ্রহণ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে, মন্ত্ৰীগৰাকীৰ উপস্থিতিত আজি দীক্ষান্ত হোৱা কেডাৰসকলৰ মাজৰ বিভিন্ন শিতানত অৰ্হতাপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত যোগ্যতাৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰৰ কামৰ সলাগ লয় ।

লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীত যোগদান কৰাসকলৰ মাজৰ মুঠ ৮৭৯ গৰাকী ডেকা-গাভৰুৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এভয়াপুৰীত ৪৩ সপ্তাহৰ কঠোৰ শ্ৰম আৰু কষ্ট সহিষ্ণুতাৰে তেওঁলোকৰ প্ৰাথমিক প্ৰশিক্ষণ সুকলমে সমাপ্ত কৰি আজিৰ দিনটোত উপস্থিত হৈছে ।

দীক্ষান্ত সমাৰোহ
দীক্ষান্ত সমাৰোহ

মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী নৱ নিযুক্ত আৰক্ষীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । লগতে তেওঁ কয় যে বৃটিছৰ আমোলতে গঠন হোৱা অসম আৰক্ষীয়ে দেশৰ স্পৰ্শকাতৰ সময়ত সাহসিকতাৰে নিজৰ কৰ্তব্য সুকলমে পালন কৰি আহি আজি ভাৰতীয় আৰক্ষীৰ ভিতৰত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে ।

আৰু সেইসূত্ৰে মহামান্য মহামহিম ৰাষ্ট্ৰপতিৰ পৰা 'ৰাষ্ট্ৰপতিৰ নিচান' লাভ কৰিবলৈ সক্ষম হৈছে । আশা কৰোঁ, এইসকল দীক্ষান্তপ্রাপ্ত কেদাৰে অসম আৰক্ষীৰ নাম অধিক উজলাই তুলিব ।

আজিৰ অনুষ্ঠানটিত মাননীয় পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে, বিধায়ক আব্দুল কালাম ৰছেদ আলম, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বর্মন, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু দক্ষিণ শালমৰা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল, কামাণ্ডেণ্ট অফিচাৰসকল, বিভিন্ন পদৰ বিষয়াসকল আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

দীক্ষান্ত সমাৰোহ
দীক্ষান্ত সমাৰোহ
অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ
পানীখাইটিত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in