লেহেমীয়া গতিত পথ নিৰ্মাণৰ পৰিণতিঃ দেৰগাঁৱৰ ৰাজপথত দৈনিক সংঘটিত দুৰ্ঘটনা

লেহেমীয়া গতিত পথ নিৰ্মাণৰ পৰিণতিঃ দেৰগাঁৱৰ ৰাজপথত দৈনিক সংঘটিত দুৰ্ঘটনা

ডিজিটেল সংবাদ, দেৰগাঁওঃ বহু বিতৰ্কৰ অন্তত বৰ্তমান দেৰগাঁৱত চাৰিলেন যুক্ত পথ নিৰ্মাণ কাৰ্য অব্যাহত আছে যদিও লেহেমীয়া গতিত পথ নিৰ্মাণৰ পৰিণতিত দৈনিক সংঘটিত হৈছে পথ দুৰ্ঘটনা। বিশেষকৈ উন্মুক্ত অৱস্থাথ থকা ডিভাইডাৰত লাগি সৰু-বৰ বহু গড়ী দুৰ্ঘটনাত পতিত হোৱা লগতে নিহত হৈছে কেইবাজনো লোক।

মঙলবাৰৰ নিশা পূজা নামৰ এখন নৈশ বাছৰ লগতে বুধবাৰে পুৱাই ৰাষ্ট্ৰীয় পথটিৰ বিধ্বস্ততাৰ বাবেই ৰাজপথত বাগৰিল কাঠৰ বোজা কঢ়িয়াই অনা ট্ৰাক। ৰাইজৰ অভিযোগ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লেহেমীয়া গতিৰ বাবেই দেৰগাঁৱৰ ৩নং গেটকে ধৰি বিভিন্ন স্থানত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে দুৰ্ঘটনা। নেঘেৰিটিং আৰু ৩নং গেটৰ সমীপত থকা কালভাৰ্ট দুটাৰ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ নোহোৱাত অতিষ্ঠ স্থানীয় ৰাইজ।

প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলৰ নামচাইৰ পৰা সম্পূৰ্ণ বৈধভাৱে কাঠ কঢ়িয়াই অনা এ এচ ০৬ এ চি ১০৭৮ নম্বৰৰ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টটোৰ কাষতে পথৰ ওপৰত বাগৰি পৰে। এই দুৰ্ঘটনাৰ পাছতেই চাৰিলেনযুক্ত পথৰ দায়িত্বত থকা কৰ্তৃপক্ষৰ লেহেমীয়া গতিৰ কামক লৈ ক্ষোভিত হৈ পৰে দেৰগাঁওবাসী। উক্ত স্থানত ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই কালভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

লেহেমীয়া গতিত পথ নিৰ্মাণৰ পৰিণতিঃ দেৰগাঁৱৰ ৰাজপথত দৈনিক সংঘটিত দুৰ্ঘটনা
৭,৪০,০০০ কোটি টকাৰ আমেৰিকান কোম্পানীৰ নেতৃত্বত ভাৰতীয় মহিলা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in