/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a2462d78-6124-42e5-8376-b883ff269bc0/web_copy.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউবাৰী গাঁও পঞ্চায়তৰ অদলাগুৰী পূৱপাৰা, মধ্যপাৰাত অদলাগুৰী বীৰঙ্গণা ভি অৰ উদ্যোগত আৰু আত্ম সহায়ক গোটৰ সহযোগত অমৃত কলহ যাত্ৰা শুভ আৰম্ভ কৰা হয়। ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰৰলৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি অভিযান সম্পন্ন কৰা হ'ব। গাঁওখনৰ বহুতো বয়োজ্যেষ্ঠ মহিলাৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় ৩শতাধিক মহিলাই অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, ২০২২ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উৎযাপন কৰিবলৈ দেশবাসীক আহ্বান জনায়। তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃতকাল হিচাপে চিহ্নিত কৰে। অমৃতকালৰ সূচনাৰ পৰ্বত প্ৰধানমন্ত্ৰীৰ প্ৰেৰণাত অসমত ২০ ছেপ্টেম্বৰ, ২০২৩ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয়।
Also Read: বঙাইগাঁৱৰ মাণিকপুৰত উত্তপ্ত পৰিস্থিতি