কোঠাত আৱদ্ধ কৰি ১৩ দিন ধৰি মহিলাক বলাৎকাৰ লম্পটৰ

বঙাইগাঁৱৰ ৰসিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ১৩ দিন ধৰি বলাৎকাৰ এগৰাকী মহিলাক। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
দিন-দুপৰতে মহানগৰীত কিশোৰী ধৰ্ষণ কাণ্ড

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ ৰসিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ১৩ দিন ধৰি বলাৎকাৰ এগৰাকী মহিলাক। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

Advertisment

ঘাঁহ কাটিবলৈ যোৱা মহিলাক কোঠাত আবদ্ধ কৰি বলাৎকাৰ এজনৰ। মণ্টু নামৰ লম্পটটোৰ বিৰুদ্ধে উত্থাপন হৈছে বলাৎকাৰৰ অভিযোগ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰসিগাঁৱৰ মণ্টু নাথে বাশবাৰী উলুবাৰী পাৰাৰ হিৰেন নাথৰ পত্নী ৰসিগাঁৱৰ পথাৰত ঘাঁহ কাটিবলৈ ওলাই যোৱা সময়ত পথৰ পৰা লৈ গৈ ঘৰৰ ভিতৰত সুমুৱাই তলা মাৰি থৈ দিয়ে।

তেৰ দিনৰ অন্তত হিৰেন নাথে নিজ পত্নীক বহু বিচাৰ খোচাৰ কৰি মণ্টু নাথে আবদ্ধ কৰি ৰখা বুলি জানিব পাৰে। এই সন্দৰ্ভত ৰসিগাঁও মহিলা সমিতিক জনোৱাৰ পিছতেই মহিলা সমিতিয়ে মণ্টু নাথৰ বাসগৃহত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে

১৩ দিন পিছতহে মহিলাগৰাকীৰ সন্ধান লাভ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে। ইতিমধ্যে অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে।

Also Read: চিনেমা হলত চাৰি চকা ঘূৰিল, ঘূৰিচেনে ৰাঘৱৰ ভাগ্য চকা...

crime