/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/bde013d2-e8fb-492b-8533-19799f42c4e4/uyuy.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাতিপোতা গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগত বঙাইগাঁও জিলাৰ আৰক্ষীয়ে অভিযান চলায় । বঙাইগাঁও জিলাৰ যোগীঘোপা কাবাইটাৰীৰ এটা ডকাইতি গোচৰৰ যোগসূত্ৰ বিচাৰি আৰক্ষীয়ে এই অভিযান চলায় ।
অভিযানকাৰী আৰক্ষী দলে হাতিপোতা গাঁৱৰ অলংকাৰ ব্যৱসায়ী হাসমত আলীৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ লগতে নগদ টকা জব্দ কৰে । প্ৰাপ্ত খবৰ অনুযায়ী যোৱা কিছুদিন আগতে বঙাইগাঁও জিলাৰ যোগীঘোপা কাবাইটাৰীৰ আব্দুল কাদেৰৰ বাসগৃহত ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা অপৰাধত আটক কৰিছিল কুখ্যাত অপৰাধী আশ্ৰফ আলী ওৰফে গেদা। তেওঁৰ পৰা পোৱা তথ্যৰ ভিত্তিত গেদাক লগত লৈ বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিতু মণি দাসৰ নেতৃত্বত যোগীঘোপা থানাৰ আৰক্ষীয়ে আজি এই অভিযান চলায় ।
এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিতু মণি দাসে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাছলাবাৰীৰ বাদশাহ আলীৰ পুতেক কুখ্যাত অপৰাধী তথা ডকাইত আশ্ৰফ আলীয়ে যোগীঘোপা কাবাইটাৰীৰ আব্দুল কাদেৰৰ বাসগৃহত কৌশলপূৰ্ণ ভাৱে ডকাইতি কৰিছিল। তেওঁ লুট কৰা সোণৰ গহনা চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাতিপোতা গাঁৱৰ অলংকাৰ ব্যৱসায়ী হাসমত আলীয়ে ক্ৰয় কৰাৰ তথ্য লাভ কৰিছিল।
ধৃত আশ্ৰফ আলীৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে হাসমত আলীৰ হাতিপোতা স্থিত বাসগৃহৰ পৰা অভিযান চলাই প্ৰায় ১৫ গ্ৰাম সোণৰ অলংকাৰ, ৫৬ গ্ৰাম ৰূপৰ অলংকাৰ, নগদ ১ লাখ ১৪ হেজাৰ ৮ শ টকা উদ্ধাৰ কৰে । ইপিনে আৰক্ষীৰ এই অভিযানৰ তথ্য লাভ কৰি হাসমত আলীৰ বাসগৃহৰ পৰা পলায়ন কৰে যদিও হাসমত আলীৰ সন্ধানত বঙাইগাঁও আৰক্ষীয়ে চিৰাঙত অভিযান অব্যাহত ৰাখিছে ।
উল্লেখ্য যে কুখ্যাত অপৰাধী তথা ডকাইত আশ্ৰফ আলী ওৰফে গেদা এজন দাগী অপৰাধী বুলি স্থানীয় লোকে সদৰি কৰে । চুৰি, ডকাইতৰ দৰে বিভিন্ন অপৰাধ সংঘটিত কৰি আশ্ৰফ আলী ওৰফে গেদা ইয়াৰ আগতেও বহুবাৰ জেল হাজোত খাটি আহিছে ।
আৰু পঢ়ক: আহোমৰ একাংশ দল সংগঠনে প্ৰতীক হিচাপে চাইনিজ ড্ৰেগন ব্যৱহাৰ কৰাৰ অভিযোগ...