ওদালগুৰি অভিমুখে কাৰ্বি আংলং জিলাৰ ১১ জনীয়া বক্সাৰ দল ৰাওনা

ওদালগুৰি অভিমুখে কাৰ্বি আংলং জিলাৰ ১১ জনীয়া বক্সাৰ দল ৰাওনা

author-image
Asomiya Pratidin
New Update
ওদালগুৰি অভিমুখে কাৰ্বি আংলং জিলাৰ ১১ জনীয়া বক্সাৰ দল ৰাওনা

ডিজিটেল সংবাদ,হাওৰাঘাট : ২৫ জুলাইৰ পৰা ২৮ জুলাইলৈ ওদালগুৰিত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক সদৌ অসম আন্তঃজিলা জুনিয়ৰ (ল'ৰা আৰু ছোৱালীৰ) বক্সিং প্ৰতিযোগিতা,২০২৪। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ১১ জনীয়া বক্সাৰ দলটি বৃহস্পতিবাৰে লাংহিনৰ পৰা ওদালগুৰি অভিমুখে ৰাওনা হয়।

Advertisment

উল্লেখ্য যে উজ্বল স্বৰ্গিয়াৰী আৰু মিছ মিৰদিনা টেৰণপীৰ তত্বাৱধানত ওদালগুৰি অভিমুখে ৰাওনা হোৱা দলটিৰ ধনেশ দৈমাৰীয়ে ৪২-৪৬ কেজি কেটেগৰিত, চুমীৰ বসুমতাৰীয়ে ৪৮ কেজি, অৰছুন বসুমতাৰীয়ে ৫০ কেজি,ছংজা টেৰণে ৫২ কেজি, সন্টুষ বড়োয়ে ৫৭ কেজি,বীৰদাউ বড়োয়ে ৬৩ কেজি, লীছা বসুমতাৰীয়ে ২৪-৪৬ কেজি, জীনুমণি বসুমতাৰীয়ে ৪৮ কেজি, শৰ্মিলী টেৰণপীয়ে ৫০ কেজি , মনছিকা ইংতিপীয়ে ৫২ কেজি আৰু মহিমা বড়োয়ে ৫৪ কেজি কেটেগৰীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

অন্যহাতে ৪৪ সংখ্যক সদৌ অসম আন্তঃজিলা জুনিয়ৰ ( ল'ৰা আৰু ছোৱালীৰ) বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলটিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে পাহাৰীয়া জিলাখনৰ ক্ৰীড়াপ্ৰেমী ৰাইজে।

Also Read: ভাল খবৰ : ইংৰাজীৰ উপৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত অনুষ্ঠিত হ'ব এ পি এছ চি পৰীক্ষা...

Haoraghat