দক্ষিণ কামৰূপ জিলা পুনৰ গঠনৰ দাবীঃ নন্দিতা দাসে বিচাৰিছে অধিক সংৰক্ষিত সমষ্টি...

দক্ষিণ কামৰূপ জিলা পুনৰ গঠনৰ দাবীঃ নন্দিতা দাসে বিচাৰিছে অধিক সংৰক্ষিত সমষ্টি...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নতুন জিলা গঠনৰ সন্দৰ্ভত বকোৰ বিধায়িকা নন্দিতা দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। ২০১৬ ত গঠন কৰা দক্ষিণ কামৰূপ জিলাক পৰৱৰ্তী সময়ত পুনৰ জিলাৰ মৰ্যাদা কৰ্তন কৰাৰ সন্দৰ্ভত অসম বিধানসভাত নন্দিতা দাসে প্ৰশ্ন উত্থাপন কৰে।

বিধায়িকাগৰাকীয় উত্থাপন কৰা প্ৰশ্নত মন্ত্ৰীয়ে দিয়া উত্তৰত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে কয়, দক্ষিণ কামৰূপ জিলাৰ প্ৰতিগৰাকী লোকেই মনত দোষ পাব বুলিও মন্তব্য কৰে। তেওঁ কয়, দক্ষিণ কামৰূপ জিলাখনক পূৰ্বৰ কামৰূপ জিলাৰ সৈতে একত্ৰিকৰণ কৰা হ'ল।

কিন্তু এই জিলাখন গঠন কৰা হৈছিল ৰাইজৰ বিপুল দাবীত। দক্ষিণ কামৰূপ জিলা ঘোষণা হোৱাৰ পিছতো বহু কেইখন জিলা নতুনকৈ ঘোষণা কৰা হ'ল। তেওঁ প্ৰশ্ন কৰে, কিন্তু কি কাৰণত, কি যুক্তিত, কি ন্যায়গত কাৰণত দক্ষিণ কামৰূপ জিলা স্থগিত কৰা হ'ল?

বিধায়িকাগৰাকীৰ এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়, দুখন জিলাক পূৰ্বৰ জিলাৰ লগত সংলগ্ন কৰিছো। তথাপিও ইয়াত মহকুমাৰ ইছ্যু আছিল। গতিকে সেয়ে নতুনকৈ কেশৱ মহন্তক সভাপতি হিচাপে লৈ, অজন্তা নেওগ আৰু পীযুষ হাজৰিকাক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।

এই সমিতিয়ে পৰৱৰ্তী সময়ত এইবোৰ দিশ চোৱাচিতা কৰিব। মন্ত্ৰীগৰাকীৰ এই উত্তৰত সন্তষ্ট নহৈ বিধায়িকাগৰাকীয়ে পুনৰ দাবী কৰি কয় যে, জিলাখনৰ কাষতে আছে আন্তঃৰাজ্যিক সীমা। এই সীমান্তত প্ৰায়ে সীমাৰ সংঘাত চলি থাকে। জিলাখনৰ হেড কোৱাৰ্টাৰ সীমান্তৰ কাষত থাকিলে বিভিন্ন কাৰণত সুবিধা হয়।

কাষেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ। জিলাখনত আছে ৩ টা পূৰ্ণ পৰ্যায়ৰ সমষ্টি। এতিয়াও দক্ষিণ কামৰূপ জিলাৰ কাৰ্যালয়, ফলক সকলো আছে। উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে। বিধায়িকাগৰাকীৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেশৱ মহন্ত নেতৃত্বাধীন সমিতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

ইফালে অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত বিধায়িকাগৰাকীয়ে কয়, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব। উন্নয়ন যদি দ্ৰুত গতিত কৰিবলগীয়া হয় তেনে সমষ্টিৰ সংখ্যা বাঢ়িব লাগিব।

অন্যথা সমষ্টি একেই থাকিব আৰু সেইখিনি মানুহকেই লৈ নতুন নতুন সমষ্টি গঠন কৰিলে ৰাইজে কোনো সুফল নাপাব। ইয়াৰোপৰি তেওঁ জনসংখ্যা বৃদ্ধিৰ বাবে অসম বিধানসভাৰ সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি হ'ব লাগে বুলি মতপোষণ কৰে।

তেওঁ প্ৰশাসনিক এলেকাসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ যাতে প্ৰশাসনিক ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয় সেইবোৰ বিষয়েও গুৰুত্ব প্ৰদানৰ পোষকতা কৰে। এই বিষয়ে তেওঁ চি এল পি লিডাৰৰ জৰিয়তে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক অৱগত কৰিব বুলিও মন্তব্য কৰে।

তেওঁৰ মতে অসমৰ সমষ্টিসমূহত জনজাতীয়, জনগোষ্ঠীয় লোকসকলে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব লাগে। তেওঁ কয়, জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে সংৰক্ষিত আসনৰ সংখ্যাও বৃদ্ধি পাব লাগে। এয়া মোৰ দাবী। বকোৰ কথা নহয়, অসমৰ জনগোষ্ঠী আৰু জনজাতিৰ কথা তেওঁ চিন্তা কৰিছে।

দক্ষিণ কামৰূপ জিলা পুনৰ গঠনৰ দাবীঃ নন্দিতা দাসে বিচাৰিছে অধিক সংৰক্ষিত সমষ্টি...
২৩ মাৰ্চৰ পৰা উত্তৰ পূৱ মিডিয়া ক্ৰিকেটঃ কেইবাটাও নতুন নিয়ম সংযোজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in