/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/WEB-THUM-new-dimpul-copy-3.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত সেউজ বনাঞ্চল ধ্বংসকাৰীক গ্ৰেপ্তাৰ । পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ আৰু বকো থানাৰ অন্তৰ্গত বাঘমাৰাগাঁৱত বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই গাঁৱখনৰ কলিয়া বড়ো আৰু ভোগেশ্বৰ বড়ো নামৰ সেউজ বনাঞ্চল ধ্বংসকাৰী দুটাক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে জে'ললৈ প্ৰেৰণ কৰে ।
আন এটা বনধ্বংসকাৰী বনবিভাগৰ চকুত ধুলি দি পলাই পত্ৰং দিয়ে । বনবিভাগে বনধ্বংসকাৰী দুটাৰ সৈতে এটা ইলেক্ট্ৰনিক চেইন মেচিন, দাৰ লগতে মূল্যৱান ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।
আৰু পঢ়ক: কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us