বোকাখাতৰ কুৰুৱাবাহীত সক্ৰিয় গৰু চোৰ চক্ৰ...

এইবাৰ কুৰুৱাবাহীত সক্ৰিয় হৈ পৰিছে গৰু চোৰৰ এটা চক্ৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতৰ কুৰুৱাবাহীত সক্ৰিয় গৰু চোৰ চক্ৰ...

bokakhat

ডিজিটেল সংবাদ, বোকাখাত : চোৰাং গৰু সৰবৰাহৰ এক বৃহৎ চিণ্ডিকেট বোকাখাতৰ কুৰুৱাবাহীৰ পৰাই নিয়ন্ত্ৰিত হৈ থকাৰ তথ্য ইতিমধ্যে ফাদিল হোৱাৰ পাছত এইবাৰ কুৰুৱাবাহীত সক্ৰিয় হৈ পৰিছে গৰু চোৰৰ এটা চক্ৰ।

Advertisment

বিগত সপ্তাহত কুৰুৱাবাহীৰ ৰঙাগৰা গাঁৱৰ এজন ব্যক্তিৰ গোহালীৰ পৰা নিশা দুহালকৈ বলধ গৰু চুৰি হোৱাৰ পাছত দেওবাৰে নিশা অঞ্চলটোৰ মেৰকান গাঁৱৰ বিনুদ চাহু নামৰ এজন ব্যক্তিৰ গোহালীৰ পৰ‍া একেদৰেই চোৰে চুৰ কৰি নিয়ে দুজনী গাই গৰু।

ঘটনাৰ পাছতেই বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ গাঁওৰক্ষী বাহিনীসমূহক সক্ৰিয় কৰি তোলা হৈছে যদিও বৰ্তমানলৈকে চুৰি কাৰ্যৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰিব পৰা নাই গাঁওৰক্ষী বাহিনীয়ে।

ইফালে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত চক্ৰটোয়েই এই গৰু চুৰি কাৰ্যৰ লগত জড়িত হৈ আছে বুলি সন্দেহ কৰিছে অঞ্চলবাসীয়ে।

আৰু পঢ়ক : নৃশংস! পুত্ৰৰ সহায় লৈ স্বামীক হত্যা কৰি ফ্ৰীজত ভৰাই থ'লে পত্নীয়ে,তাৰ পাছত...

bokakhat cow seized assam