গুৰুতৰভাৱে অসুস্থ কুৰুৱাবাহীৰ শিল্পী পেঞ্চনাৰ ভলৌ হাজৰিকা…

গুৰুতৰভাৱে অসুস্থ কুৰুৱাবাহীৰ শিল্পী পেঞ্চনাৰ ভলৌ হাজৰিকা…

author-image
asomiyapratidin
New Update
গুৰুতৰভাৱে অসুস্থ কুৰুৱাবাহীৰ শিল্পী পেঞ্চনাৰ ভলৌ হাজৰিকা…

ডিজিটেল ডেস্ক : গুৰুতৰভাৱে অসুস্থ বোকাখাত কুৰুৱাবাহীৰ শিল্পী পেঞ্চনাৰ ভলৌ হাজৰিকা। গাঁওবাসীয়ে শনিবাৰে অসুস্থ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। ৮৬ বছৰীয়া এজন চহা শিল্পীক অসুস্থ অৱস্থাত জনোৱা সম্বৰ্ধনাত চকুলো সেমেকিল গাঁওবাসীৰ।

Advertisment

উল্লেখ্য যে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ , খোল বাদ্যৰ বিশাৰদ, এক কথাত সমগ্ৰ অঞ্চলটোৰ মূৰব্বী সদৃশ, বৰ বায়ন, বোকাখাতৰ যোগনীয়া গাঁৱৰ নিবাসী ভলৌ হাজৰিকা গুৰুতৰ ভাৱে অসুস্থ। দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিল্পী গৰাকীয়ে শেহতীয়াকৈ গুৱাহাটীত চিকিৎসা গ্ৰহন কৰি আছিল যদিও আৰোগ্য লাভ নকৰি হেৰুৱাই পেলাইছে জীয়াই থকাৰ সাহস। শনিবাৰে গাঁও খনৰ পুৰুষ মহিলা সকলো লোক ওলাই আহি শিল্পী গৰাকীক ঘৰৰ পৰা গাঁৱৰ নামঘৰৰ প্ৰাঙ্গণলৈ আদৰি আনে। হিতেন দত্তই আঁত ধৰা বিশেষ অনুষ্ঠানটোত সৃষ্টি হয় এক আবেগিক পৰিৱেশ।

এখন চেলেং, গামোচা, সফুৰা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগে লগে শিল্পী গৰাকী হুকহুকাই কান্দোনত ভাগি পৰে। নতুন প্ৰজন্মক মিলাপ্ৰীতিৰে থাকিবলৈ, গাঁওখনৰ আধৰুৱা উন্নয়নৰ কাম সমূহ সমিল মিলেৰে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই কান্দোনত ভাগি পৰা হাজৰিকাৰ অৱস্থা দেখি উপস্থিত দুই শতাধিক গঞাই চকু পানী ধৰি ৰাখিব নোৱাৰিলে।

আয়তী সকলে মংগল উৰুলিৰে বিশিষ্ট শিল্পী গৰাকীৰ আৰোগ্য কামনা কৰিলে। সমবেত সকলে এটি প্ৰাৰ্থনাৰে অসুস্থ শিল্পী গৰাকীৰ আৰোগ্য কামনা কৰি ভগৱানৰ আশিস বিচাৰিলে। অনুষ্ঠানত গঞাৰ লগতে শিল্পীগৰাকীৰ বংশ পৰিয়ালৰ, বিবাহিত জী-জোঁৱাই সকলো উপস্থিত থকাৰ লগতে বোকাখাতৰ ভালেসংখ্যক বৰেণ্য ব্যক্তিও উপস্থিত থাকে। গাঁৱৰ সমূহীয়া সম্বৰ্ধনাৰ লগতে গুণগ্ৰাহী শতাধিক ব্যক্তিয়েও অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনাই।

উল্লেখযোগ্য যে হাজৰিকাৰ শিল্পী পেঞ্চন ঘোষণা হোৱাৰ দুবছৰ পিছতো তেখেতে চৰকাৰী ৰঙাফিটাৰ মেৰপেচত পৰি লাভ কৰা নাছিল শিল্পী পেঞ্চন। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন, ডিজিটেলত সবিষ্টাৰে প্ৰতিবেদন প্ৰকাশ পাইছিল। এই ক্ষেত্ৰত বোকাখাতৰ সাংবাদিক সকলে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তাৰবাবে তেখেতে বকেয়া সহ শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছিল।

আৰু পঢ়ক : আগন্তুক এসপ্তাহ পেলেষ্টাইনত আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ…

assam Assam police himanta biswa sarma bjp