
ডিজিটেল সংবাদ, বোকাজানঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,কাৰ্বি আংলং জিলা সমিতিৰ নেতৃত্বত বৃহস্পতিবাৰে কেইবাটাও আদিবাসী দল সংগঠনে বিভিন্ন দাবী উত্থাপন কৰি বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কাৰ্বি আংলঙৰ আদিবাসী সকলক চৰম প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ মুখৰ হৈ পৰে ৷
বিশেষকৈ কাৰ্বি আংলংৰ আদিবাসী সকলক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰা ,কাৰ্বি আংলংৰ বিভিন্ন স্থানত আদিবাসী আদৰ্শ গাওঁ স্থাপনৰ দাবী,আদিবাসী ভূমি নীতিৰ নিৰ্ধাৰণ আৰু প্ৰৱৰ্তন,জিলাখনৰ বিভিন্ন স্থানৰ শিক্ষানুষ্ঠান সমূহত আদিবাসী ছাত্ৰ ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ,বোকাজানত ভূমি ৰাজহ বিভাগৰ কাৰ্যালয় স্থাপন,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত আজি সৰৱ হৈ পৰে কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থা ৷ ইপিনে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে যোৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নেতা সকলে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পাচতেই আদিবাসী তথা অন্যান্য জনগোষ্ঠীক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব ৷
কিন্তু ক্ষমতালৈ অহাৰ পাছত ভূমিৰ পট্টাতো বাদেই জিলাখনৰ বৰজান,বোকাজান,দেওপানী,ধনশীৰি আদি পৰিষদীয় সমষ্টিত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে অবৈধ ভূমি বেদখল কৰাৰ অভিযোগ তুলি আদিবাসী সকলক উচ্ছেদ কৰাহে পৰিলক্ষিত হ'ল ৷ সেয়েহে আদিবাসী ছাত্ৰ সন্থাই দাবী তোলে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদিত লোকসকলক নিজৰ ভূমি ঘূৰাই দিয়াৰ লগতে শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান কৰিব লাগে ৷
অন্যথাই অনাগত সময়ত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব আদিবাসী ছাত্ৰ সন্থাই ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ইলিয়াছ তিৰ্কী আৰু সম্পাদক ৰাজীৱ ডুং ডুংৰ স্বাক্ষৰ সম্বলিত ১৪ দফীয়া দাবীৰে এক স্মাৰক পত্ৰ মহকুমাধিপতিৰ জৰিয়তে কাৰ্বিআংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰে ৷