পৌৰাণিক কাহিনীবোৰ কেতিয়াবা আধুনিক কালতো পুনৰাবৃত্তি হয়। স্থান, কাল, পাত্ৰ, চৰিত্ৰ সলনি হ'লেও সেই পৌৰাণিক কাহিনীবোৰৰ দৰেই এই আধুনিক কাহিনীবোৰৰ যোগসূত্ৰ বিচাৰি পোৱা যায়।
কেনেকৈ ধ্বংস হৈছিল যদু বংশ। কোনোৱে ভবা নাছিল এই বংশ এদিন নিশেষ হৈ যাব। য'ত ভগৱান কৃষ্ণইও নিজ বংশক ৰক্ষা কৰিব নোৱাৰিলে। সেয়া সকলো সময় আৰু কৃত কৰ্মৰ ফল।
যদু বংশৰ ধ্বংস হোৱাৰ দৰেই এক যেন আখৰা চলিছে অসমৰ ৰাজনীতিত। ক্ষমতাশালী বিজেপিক আৰু অন্তত কিছু বছৰলৈ বিৰোধীয়ে পৰাস্ত কৰিব পৰা সম্ভাৱণা নাছিল। কিন্তু সেই সম্ভাৱণা আৰু ক্ষমতাক একাংশলোকে অহংকাৰলৈ ৰূপান্তৰ কৰাৰ পৰিণতিত এতিয়া ৰাজ্যত শাসকীয় দলটোৰ নেতা-কৰ্মীৰ মাজতেই ইজনে-সিজনক কাপোৰ খোলাৰ প্ৰতিযোগিতা চলিছে।
বহুতে ইয়াক যদু বংশৰ ধ্বংসৰ আখৰাৰ সৈতে তুলনা কৰি অসমত বিজেপি ধ্বংসৰ আখৰা বুলি মন্তব্য কৰিছে। ইন্দ্ৰাণী তদবিলদাৰৰ মৃত্যুয়ে দলটোৰ ভিতৰচৰাত সংঘটিত বহু আঁৰৰ কাহিনী পোহৰত তুলি ধৰিলে।
বাহিৰৰ পৰা খুব ভাল ভাৱমূৰ্তি থকা বুলি ভৱা মানুহেও ভিতৰৰ সেই খবৰবোৰ শুনি, এই অপমৃত্যুৰ পাছৰ পাৰ্শ্বক্ৰিয়াবোৰ দেখি নাক-মুখ কোচাবলৈ আৰম্ভ কৰিছে। এই ক্ষতি সাধাৰণ বুলি ভাবিলেও বিৰোধীৰ উপস্থিতিবিহীন এনে ক্ষতিয়ে বিজেপিক ৰাজ্যখনত বহু বেকফুটলৈ ঠেলি দিলে।
প্ৰাক্তন বিজেপিৰ ৰাজ্যিক সভাপতিৰ চিঠি আৰু ৰাজহুৱা মন্তব্যই বহু কথা অভিযোগৰ সলনি সত্য বুলি প্ৰতিষ্ঠা কৰাৰ অৱকাশৰ আধাৰ গঢ়িলে। দালালি আৰু অনিয়মৰ এই বজাৰখন এদিনতে গঢ় লৈ উঠা নাছিল। কিন্তু সেই বজাৰখনৰ বেপাৰীসকলে দলৰ স্বাৰ্থক আওকান কৰি ব্যক্তি স্বাৰ্থক প্ৰাধান্য দিয়া সেয়া গোপন হৈ নাথাকিল।
এনেবোৰ কৰ্ম কাণ্ডই জৰ্জৰিত বিজেপিক কংগ্ৰেছৰ সৈতে তুলনা কৰাৰ বিকল্প নাথাকিল। তৰুণ গগৈৰ কাৰ্যকালত গগৈয়ে সততাৰ কিছু পৰিকাঠামো তৈয়াৰ কৰিলেও আন এচামে দালাল আৰু চিণ্ডিকেটৰাজ স্থাপনেৰে যি লুণ্ঠন আৰু অনীতিৰাজৰ পাতনি মেলিছিল সেই সময় এতিয়া বিজেপিৰ দিনত পুনৰাবৃত্তি হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বচনবোৰ মিছা বুলি বিজেপিৰ একাংশই কৰ্মকাণ্ডৰ মাজেৰে দেখুৱাই দিছে। সেই ঘটনাপ্ৰৱাহত এয়া ৰাজনৈতিক অভিযোগ বুলি ভৱাৰ কোনো অৱকাশ নাই।
ইচ্ছা কৰিলেও এইবোৰ কথা থাপি-থুপি কোনোৱে ৰখাব নোৱোৰা হৈ পৰিছে। কাৰণ শাসকীয় দলটোৰ মজিয়াতেই বঙহক বধৰ ভাল ভাওনা চলিছে। নতুন-পুৰণি পাৰ্থক্যৰে ক্ষোভৰ অগ্নি জ্বলিছে। সেই অগ্নিয়ে এনেকৈয়ে কোনো কোনোক দহিছে যে সেয়া বিসম্বাদ বুলি নক'লেও বিসম্বাদৰ স্ফুলিংগ বুলি নিশ্চিতভাৱে ধৰি ল'ব পাৰি।
এই স্ফুলিংগই ভয়াবহৰূপ ধাৰণ কৰিব পৰা সম্ভাৱণা নুই কৰিব নোৱাৰি। এসময়ত যুৱ কংগ্ৰছত থাকোতে বাজপেয়ীৰ ফটো গচকাসকল এতিয়া বিজেপিৰ বৰঘৰৰ ৰখীয়া। ক্ষমতা-ধন সকলো তেওঁলোকৰ হাতত।
সেইসকলৰ উদাহৰণ দাঙি ধৰি মুকলিকৈ আক্ষেপ কৰা এসময়ৰ নেতাসকলে মুখত যিমানেই মুলায়ম কথা কৈছে। কিন্তু সুযোগ পালে তেওঁলোকে ইয়াৰ প্ৰতিশোধ ৰাজনৈতিকভাৱে ল'বলৈ যে সাজু আছে সেয়া তেওঁলোকৰ দেহৰ ভাষাই কৈ গৈছে।
এনেবোৰ দৃশ্যপট দেখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰাণী অপমৃত্যু কাণ্ড আৰু এই সমগ্ৰ ঘটনাৰে নাম সাঙোৰ খোৱা সকলক দলৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিছে। হয়তো দুই এক পুঠি-খলিহনাই ইয়াৰ ফলত বিজেপি এৰিব লাগিব।
কিন্তু এই ক্ষোভৰ অগ্নি যিসকলৰ হৃদয়ত জ্বলি আছে, যিসকলে আঁৰত থাকি আন অদৃশ্য শক্তিৰ দ্বাৰাই এই পৰিৱেশৰ ৰচনাত অনুঘটক ভূমিকা লৈছে তেওঁলোকৰ গাত হাত দিয়াতো ৰাজ্যিক নেতৃত্বৰ বাবেও সহজ নহ'ব। ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুয়ে বিজেপিৰ ভিতৰচৰা উদঙাই দিলে। ইয়াৰ পূৰ্বেও দলটোৰ মজিয়াত আৰু বহু ঘটনা ঘটিছিল যিবোৰত বাস্তৱত বিজেপিত কি হৈ আছে তাৰ ইংগিত আছিল।
ইন্দ্ৰাণীৰ অত্মহত্যাৰ পাছতেই আত্মমণ্ঠনৰ বৈঠক বহিছিল। নতুন সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত বহা এই বৈঠকত দুৰ্নীতি, অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কোন পৰ্যায়ৰ নেতালৈকে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব তাতে প্ৰশ্ন ৰৈ গৈছে।
শাসনৰ চূড়ান্ত শিখৰত অৱস্থান কৰাৰ পাছত এনেকৈয়ে অহংকাৰে পতন মাতে। সেই সময় কেতিয়া কেনেকৈ আহে সেয়া কোনোৱে নাজানে। শ্ৰীকৃষ্ণই যদু বংশ ৰক্ষা কৰিব নোৱাৰাৰ দৰে এই পতনৰ আখৰা অতি ক্ষমতাশালী বুলি ভৱা সকলেও ৰোধ কৰিব পৰা নাই। বৰঞ্চ সেই সংঘাতৰ আৰু ভিতৰভাগত সংঘটিত আচল ঘটনাবোৰৰ প্ৰতিফলন মানুহৰ মাজত অধিকৰ পৰা অধিকতম ৰূপত পৰিস্ফুট হৈ পৰিছে।