বজালীৰ চুপাৰি কেলেংকাৰীঃ ৬ অভিযুক্তক CIDৰ জিম্মালৈ

বজালী কাণ্ডৰে জড়িত ৬জন অভিযুক্তক ৪ দিনৰ চি আই ডিৰ জিম্মালৈ প্রেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহূৰ্তৰ খবৰ

ডিজিটেল ডেস্কঃ বজালী কাণ্ডৰে জড়িত ৬জন অভিযুক্তক ৪ দিনৰ চি আই ডিৰ জিম্মালৈ প্রেৰণ কৰা হৈছে। এই কাণ্ডৰ অন্যতম মূল নায়িকা গায়ত্রী সোণোৱাল, গায়ত্রী সোণোৱালৰ স্বামী ববি সিংসহ ৬জনক চি আই ডিৰ জিম্মালৈ প্রেৰণ কৰাৰ কথা জানিব পৰা গৈছে।

Advertisment

তদুপৰি ২ অভিযুক্ত এছ এই আৰু পি এছ অ'কো ন্যায়িক জিম্মালৈ প্রেৰণ কসৰা হৈছে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বিষয়াদ্বয় ক্ৰমে এছ এই দেৱজিৎ‍ গিৰি, পি এছ অ' ইনজামামুল হাছান।

উল্লেখ্য যে, বজালি সংঘটিত হোৱা চুপাৰি ছিণ্ডিকেটৰ গোচৰত নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হৈছিল এইসকল বিষয়া। চুপাৰি কেলেংকাৰীৰে জড়িত ব্যৱসায়ীক কোটি টকাৰ ধন দাবী কৰাৰ অভিযোগ আছে বিষয়াসকলৰ বিৰুদ্ধে।

Also Read: সমাজকৰ্মী-প্ৰাক্তন ছাত্ৰনেতা প্ৰয়াত মিত্ৰদেৱ মহন্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Assam police