নিযুক্তিৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহঃ CBIৰ তদন্তৰ দাবী 'আপ'ৰ

চৰকাৰী নিযুক্তিৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহৰ চিবিআই ৰ তদন্তৰ দাবীত ৰাজভৱনৰ সন্মুখত 'আপ'ৰ তীব্ৰ প্ৰতিবাদ। ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান...

author-image
Asomiya Pratidin
New Update
নিযুক্তিৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহঃ CBIৰ তদন্তৰ দাবী 'আপ'ৰ

ডিজিটেল ডেস্কঃ বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই বজপেয়ী ভৱনৰ পৰা চাকৰিৰ বৃহৎ ক'লা বজাৰ চলাৰ সকলো তথ্য প্রমাণ উন্মোচন হোৱাৰ পিছতো অসম আৰক্ষীয়ে ঘটনাৰ মাষ্টাৰ মাইওক আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তদন্তকাৰী মহানগৰ আৰক্ষীয়ে এই আত্মহত্যাৰ ফটো ভাইৰেল আৰু চাকৰি বজাৰত জড়িত পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰিলেও ৰৌ-বৰালিক ৰেহাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টীয়ে।

Advertisment

শুকুৰবাৰে দলটোৰ শতাধিক কর্মকর্তাই মহানগৰীৰৰ ৰাজভৱনৰ সন্মুখত উক্ত ঘটনাৰ চিবিআই তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দলটোৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ‘নিযুক্তিৰ নামত বিজেপি নেতাৰ দালালবাজ বন্ধ কৰক', 'চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগৰ চিবিআই তদন্ত কৰক', 'বিজেপি গ' বেক' আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি সভাপতি ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- নিযুক্তিৰ নামত বিজেপিৰ নেতা-পালিনেতাই যে ব্যাপক ধনৰ লেনদেনত লিপ্ত হৈছিল, সেয়া এতিয়া দিনৰ পোহৰৰ দৰে স্বচ্ছ হৈ পৰিছে। এই কেলেংকাৰীত যদি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই, তেন্তে এতিয়ালৈকে চিবিআই তদন্ত ঘোষণা কৰা নাই কিয় ? বিজেপি নেতাৰ চাকৰিৰ এই বজাৰৰ ওপৰ মহলক এতিয়া মহানগৰ আৰক্ষীয়ে যে স্পৰ্শ কৰিব নাৱাৰিব সেয়া নিশ্চিন্ত হৈ পৰিছে। আম আদমি পাৰ্টীয়ে অতি সোনকালে বিষয়টোৰ সদৰ্ভত মুখ্যমন্ত্রীয়ে সাহস দেখুৱাই সম্পূর্ণ শ্বেতপত্র প্রকাশ কৰিবলৈ দাবী জনায়।

Also Read: সাংসদ পুঁজিৰ কেলেংকাৰীঃ গ্ৰেপ্তাৰ দুই উচ্চ পদস্থ বিষয়া

aam aadmi party assam