/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/82f9253d-a7bc-4f01-a82e-08eb28e6598c/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, পাঠশালাঃ ভৱানীপুৰ-সৰভোগ সমষ্টিক নৱগঠিত বজালী জিলাত সংলগ্ন কৰাৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত তথা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজৰ সহযোগত সোমবাৰে সন্ধিয়া এক প্রতিবাদী সমদল উলিওৱা হয়৷ পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণৰ পৰা উলিওৱা এই প্রতিবাদী সমদলত ভালে সংখ্যক দল সংগঠনৰ নেতা-কৰ্মী, সাধাৰণ জনতাই স্বতস্ফুটভাৱে অংশগ্ৰহণ কৰি ইনক্লাৱ জিন্দাবাদ, সংকুচিত বজালী জিলাৰ মানচিত্ৰ মানি লোৱা নহ'ব, বজালী জিলা জিন্দাবাদ, বজালী জিলাক ক্ষুদ্ৰ জিলা হিচাপে ঘোষণা মানি লোৱা নহ'ব, মুখ্যমন্ত্ৰীয়ে বজালীবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক, বজালীবাসী ৰাইজ জিন্দাবাদ, বৰনগৰবাসী ৰাইজ জিন্দাবাদ, ভৱানীপুৰবাসী ৰাইজ জিন্দাবাদ, উজান বৰবৰী ৰাইজ জিন্দাবাদ, পুঠিমাৰী অঞ্চলৰ ৰাইজ জিন্দাবাদ, ৰাইজৰ দুৰ্দশাৰ সময়ত বিধায়ক ফণীধৰ তালুকদাৰ নিমাত কিয়, ৰাইজৰ পক্ষত নথকা মন্ত্ৰী-বিধায়ক মুৰ্দাবাদ আদি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a55ba4eb-a91c-4272-bfaa-5ddf5f8615ed/966428ca_b618_49e5_ba47_8121a4308f2f.jpg)
পুৰুষ-মহিলাকে আদি কৰি কেইবা শ প্ৰতিবাদীয়ে অংশগ্ৰহণ কৰা সমদলটোৱে পাঠশালা নগৰৰ কলেজ ৰোডৰ মূল পথেৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৰ সন্মুখলৈ গৈ বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পুনৰ হৰিমন্দিৰ চৌহদলৈ উভতি আহে ৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ গাওঁ উজানবৰবাৰীৰ ৰাইজ, পুঠিমাৰী, শিয়ালমাৰী, মেধিকুছি গাঁওৰ ৰাইজৰ লগতে বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজে স্বতঃস্ফূৰ্তভাবে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় বিজন বায়ন, সমুদ্ৰ পাটগিৰী, ছাত্ৰ নেতা হিমাংশু শৰ্মা, সমাজকৰ্মী গুৰুপ্ৰসাদ দাস, দিপুল পাটগিৰী ধৰি কেবাগৰাকীও ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ বজালী জিলা ঘোষণাৰ তীব্ৰ প্ৰতিবাদ কৰি কোনো কাৰণতে ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰ জিলা হিচাপে পৰিগণিত বজালী জিলা মানি লোৱা নহ'ব আৰু বজালীৰ লগত পূৰ্বৰে থকা মানুহখিনিক বজালীত অন্তৰ্ভূক্ত কৰাৰ দাবী জনাই এই কাম নকৰিলে অনাগত সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0d0fbcdd-f7cd-4380-9081-2b5ada3c22a6/35e61659_1490_442b_82b0_c0bff28dbe9c.jpg)
প্ৰতিবাদকাৰীয়ে কয় যে- যোৱা ২৯ আগষ্টৰ চৰকাৰী অধিসূচনা অনুসৰি বজালী জিলা বিচাৰিছো ৷ চৰকাৰে সেই অধিসূচনা মৰ্মে বজালী সমষ্টি আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিক লৈ বজালী জিলা ঘোষণা কৰিছিল ৷ কিন্তু তাৰ পিছত কি যুক্তিত চৰকাৰে বজালীক সংকুচিত কৰি ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালীৰ পৰা বিশ্চেদ কৰিব বুলি ৰাজ্য চৰকাৰক এই প্ৰতিবাদী সমদলযোগে প্ৰশ্ন কৰি বজালী জিলা সম্প্ৰসাৰণ নকৰা পৰ্যন্ত আন্দোলন স্থগিত নহয় বুলি সকলো প্ৰতিবাদকাৰীয়ে একে মুখে হুংকাৰ দিয়ে৷
Also Read: চাৰিদুৱাৰত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৪খনকৈ ডাম্পাৰ, আহত...