মঙলদৈৰ জামুগুৰি গাঁওত বৈচাগু পালন

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ জামুগুৰি গাঁওত বৈচাগু পালন

ডিজিটেল সংবাদ, মঙলদৈ : বিহুক লৈ উখল মাখল সমগ্ৰ ৰাজ্য । চৌদিশৰ ঢোল পেপাৰ শব্দই সকলোৰে মন মতলীয়া কৰিছে । অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে নিজ নিজ সংস্কৃতিৰে উৎযাপন কৰিছে বিহু, পিছ পৰি থকা নাই দৰঙৰ ভকতপাৰা জামুগুৰি গাঁওৰ বড়ো সম্প্ৰদায়ৰ লোক সকল । ডেকা গাভৰু সকলোৱে মিলি গীত নৃত্যৰে উৎযাপন কৰিছে বৈচাগু ।

Advertisment

ভকত পাৰা জামুগুৰি গাঁওত প্ৰতি বছৰে পালন কৰি আহিছে বৈচাগু। গাঁওৰ বড়ো সম্প্ৰদায়ৰ ডেকা গাভৰুৱে পালন কৰি আহিছে অসমৰ ৰঙৰ উৎসৱ এই বৈচাগু। এওঁলোকৰ বিশ্বাস বৈচাগু পালনে কৃষি ভূমি উৰ্ৰৰা কৰে।

Also Read: বিপদে লগ এৰা নাই বিজেপিক, এইবাৰ মণিপুৰৰ বিধায়কৰ পদত্যাগ

mangaldoi