/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1a249e30-614a-4f9a-af49-dd878af3eb1b/1.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীলোকে একত্ৰিত হৈ প্ৰতিবছৰে উলহ-মালহেৰে অনুষ্ঠিত কৰি অহা ব’হাগী বিদায় উৎসৱটি ১৫বৰ্ষত ভৰি দিলে।
অহা ১০-১১ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুখনৰ সোমবাৰে মূল মণ্ডপৰ লাইখুঁটা স্থাপন কার্যসূচী সম্পন্ন হয়। লাইখুঁটা স্থাপন কৰে বিহুৰ উদযাপন সমিতিৰ প্ৰাক্তন সম্পাদক জিন্টু গগৈয়ে৷ লাইখুঁটা স্থাপন কাৰ্যসূচীত উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিহুৰ সকলো কাৰ্যসূচীত উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ।
Also Read: ধনশিৰি নৈৰ সোঁতে উটুৱাই নিলে বোকাখাতৰ নিকৰিঘাটৰ বাঁহৰ দলং...