ধনশিৰি নৈৰ সোঁতে উটুৱাই নিলে বোকাখাতৰ নিকৰিঘাটৰ বাঁহৰ দলং...

ধনশিৰি নৈৰ সোঁতে উটুৱাই নিলে বোকাখাতৰ নিকৰিঘাটৰ বাঁহৰ দলং...

ডিজিটেল সংবাদ, বোকাখাতঃ একান্ত ব্যক্তিগত উদ্যোগ আৰু স্থানীয় লোকৰ সহযোগত বোকাখাত উপ-জিলাৰ নিকৰিঘাটত ধনশিৰি নৈৰ ওপৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এখন বাঁহৰ দলং। এই দলঙে সুগম কৰিছিল নিকৰিঘাট আৰু এলেংমাৰীৰ মাজত যাতায়াত।

পূর্বতে নিকৰিঘাট পৰা তুলুঙা নাৱেৰে ধনশিৰি পাৰ হ'ব লগা হৈছিল। পদ্ম মেধি নামৰ এজন স্থানীয় ব্যক্তিৰ প্রচেষ্টাত নিকৰিঘাটত যোৱা বছৰ ধনশিৰি নৈৰ ওপৰত প্ৰথমবাৰৰ বাবে সঁজা হৈছিল এখন বাঁহৰ দলং।

বাঁহৰ দলং হ'লেও এই দলং নিৰ্মাণৰ পিছত দৈনিক ইপাৰ-সিপাৰ হৈছিল হাজাৰ হাজাৰ লোক, চাইকেল আৰু মটৰচাইকেল। শেহতীয়াকৈ হোৱা বৰষুণত ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত স্থানীয় ৰাইজৰ যাতায়াতৰ অন্যতম ভৰষা এই বাঁহৰ দলংখন শনিবাৰে নিশা উটুৱাই নিলে ধনশিৰিৰ সোঁতে। ফলত নিকৰিঘাট আৰু এলেংমাৰীৰ মাজত যাতায়াত ব্যাহত হৈ পৰে।

যাৰ বাবে সমস্যাত পৰিছে দুই পাৰৰ জনসাধাৰণ। বাঁহৰ দলংখন ধনশিৰিৰ সোঁতে উটুৱাই নিয়াৰ পাছত এতিয়া দুই এখন নাৱৰ ব্যৱস্থা কৰি পাৰাপাৰ হৈছে স্থানীয় জনসাধাৰণ। উল্লেখযোগ্য যে দেশে স্বাধীনতা পোৱাৰ ৭৭ বছৰৰ পাছতো অতি গুৰুত্বপূর্ণ এলেংমাৰী-নিকৰিঘাট সংযোগী এই স্থানত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্রী অতুল বৰাক দাবী জনাইছিল।

আজিলৈকে কোনো এখন চৰকাৰেই নিকৰিঘাটত ধনশিৰি নদীৰ ওপৰত দলং এখন নিৰ্মাণৰ সিধান্ত নোলোৱাত সমাজকর্মী পদ্ম মেধিয়েই নিজৰ গাঁঠিৰ ধন ভাঙি স্থানীয় লোকৰ সহযোগত বাঁহেৰেই ধনশিৰি নদীত দলং নিৰ্মাণ কৰিছিল। উপকৃত হৈছিল দুয়োপাৰৰ জনসাধাৰণ। শনিবাৰে নিশা এই বাঁহৰ দলং উটুৱাই নিয়াৰ পিছত এতিয়া সমস্যাত পৰিছে এই লোকসকল।

ধনশিৰি নৈৰ সোঁতে উটুৱাই নিলে বোকাখাতৰ নিকৰিঘাটৰ বাঁহৰ দলং...
নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত যুৱ সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in