কংগ্ৰেছত যোগদান কৰাৰ কিছু সময় পাছতেই পুনৰ বিজেপিলৈ উভতিল তিতাবৰৰ প্ৰাক্তন পৌৰপতি

কংগ্ৰেছত যোগদান কৰাৰ কিছু সময় পাছতেই পুনৰ বিজেপিলৈ উভতিল তিতাবৰৰ প্ৰাক্তন পৌৰপতি

ডিজিটেল সংবাদ, তিতাবৰঃ এদিন নৌহওঁতেই দল সলনি কৰিলে এজনে। ৪৮ ঘণ্টাতেই পুনৰ বিজেপিলৈ ঘূৰি আহে তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত।

তিতাবৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই বিজেপি ত্যাগ কৰি যোগদান কৰিছিল কংগ্ৰেছত। ২৭ আগষ্টত যোৰহাট কংগ্ৰেছ ভৱনত উপস্থিত হৈ দলটোত যোগদান কৰিছিল তেওঁ।

কংগ্ৰেছত যোগদান কৰাৰ পাছতেই তেওঁ চোকা সমালোচনাৰে থকা-সৰকা কৰিছিল যোৰহাট জিলা বিজেপি সভাপতি হেমন্ত কলিতাৰ লগতে তিতাবৰ পৌৰপতি ৰূপা দত্ত শইকীয়াক ।

কিন্তু ৰহস্যজনকভাৱে আজি পুনৰ কংগ্ৰেছত এৰি যোগদান কৰে বিজেপিত। পাভলুটি মৰা প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই পুনৰ বিজেপিত যোগদান কৰাক লৈ হতভম্ব তিতাবৰ সচেতন জনতা ।

কংগ্ৰেছত যোগদান কৰাৰ কিছু সময় পাছতেই পুনৰ বিজেপিলৈ উভতিল তিতাবৰৰ প্ৰাক্তন পৌৰপতি
'কা' আন্দোলনৰ সময়ত জুবিনে চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল : অ জা পৰ সম্পাদক ৰাজু ফুকন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in