আকৌ বিতৰ্কত বডোলেণ্ড বিশ্ববিদ্যালয়ঃ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত...

বিশ্ববিদ্যালয় সপ্তাহত সংখ্যালঘু সম্প্ৰদায়ক হেয় প্ৰতিপন্ন কৰাৰ চেষ্ঠা, এবিএমছু আমছু আৰু নেমছুৰ প্ৰতিক্ৰিয়া
আকৌ বিতৰ্কত বডোলেণ্ড বিশ্ববিদ্যালয়ঃ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত...
আকৌ বিতৰ্কত বডোলেণ্ড বিশ্ববিদ্যালয়ঃ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ প্ৰায়ে বিভিন্ন কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বডোলেণ্ড বিশ্ববিদ্যালয়ে পুনৰ আন এক বিতৰ্কৰ সূচনা কৰিছে। বিশ্ববিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বাহিৰ হোৱা সাংস্কৃতিক শোভাযাত্ৰাত দুজন ব্যক্তিক কৃত্ৰিম দাঢ়ি লগাই, লুঙী -টুপী পিন্ধাই সংখ্যালঘু লোকৰ দৰে সজাই, হাতত হেণ্ডকাপৰ দৰে ৰছীৰে বান্ধি আৰু আন এজনে পুলিচৰ পোছাক পিন্ধি লাঠীৰে কোবাই কোবাই শোভাযাত্ৰাৰ সন্মুখত লৈ সমদল কৰা কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তদুপৰি শোভাযাত্ৰাৰ সময়ত লাঠীৰ কোবত আল্লা আল্লা কোৱা, পিছে পিছে দুগৰাকী মহিলাই কাণত ধৰি ইনাই বিনাই যোৱাও দেখিবলৈ পোৱা গৈছিল। উক্ত সাংস্কৃতিক শোভাযাত্ৰাত অতি নীচ মানসিকতাৰে মুছলমান লোকৰ দৰে দাঢ়ি, টুপী পিন্ধাই, হাতত ৰছী বান্ধি চোৰ সজাই আৰক্ষীৰ দ্বাৰা কোবাই কোবাই নিয়া কাৰ্য সংখ্যালঘুৰ অনুভূতিক আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু ছাত্ৰ সন্থা ক্ৰমে এবিএমছু, আমছু আৰু নেমছুৰ নেৰ্তৃবৰ্গই।

আজি তিনিওটা সংগঠনৰ ছাত্ৰ নেতাসকল বডোলেণ্ড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে উচিত শাস্তিমূলক পদক্ষেপ গ্ৰহণৰ দাবীৰে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বাবুলাল আহুজাক স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে যোৱা ১৬ মাৰ্চৰ বিশ্ববিদ্যালয় সপ্তাহৰ অন্তিম দিনা উলিওৱা হৈছিল বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা ।

উক্ত শোভাযাত্ৰাতে লুঙী আৰু টুপী পৰিধান কৰাই সংখ্যালঘু লোকক অপৰাধীৰ দৰে সজাই এগৰাকী আৰক্ষীয়ে শাস্তি প্ৰদান কৰাৰ অভিনয়েৰে প্ৰদৰ্শন কৰিছিল ভূগোল বিভাগৰ শিক্ষাৰ্থীয়ে। সাংস্কৃতিক শোভাযাত্ৰাৰ উক্ত দৃশ্যাংশই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত আজি এবিএমছুৰ সভাপতি টাইচন হুছেইন, আমছুৰ সভাপতি ৰিজাউল কৰিম সৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামৰ নেতৃত্বত ছাত্ৰ সংগঠন তিনিটাই পৃথকে পৃথকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰি দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

তদুপৰি সাংস্কৃতিক শোভাযাত্ৰাত সংখ্যালঘু জনগোষ্ঠীক অপৰাধী সজোৱা শিক্ষাৰ্থীৰ ওপৰতো পদক্ষেপ লবলৈ দাবী জনাইছে ছাত্র সংগঠনসমূহৰ নেৰ্তৃবৰ্গই। অন্যথা ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চপা হ'ব বুলি মন্তব্য কৰিছে ছাত্ৰসংগঠন সমূহে ।

ইপিনে এবিএমছুৰ সভাপতি টাইচন হুছেইন, আমছুৰ সভাপতি ৰিজাউল কৰিম সৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামে পৃথকে পৃথকে সংবাদমাধ্যমৰ আগত কয় যে, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বডোলেণ্ড বিশ্ববিদ্যালয়ত এনে ঘটনা নিত্যান্তই দূৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। এবিএমছুৰ সভাপতি টাইচন হুছেইনে কয়, দুগৰাকী ব্যক্তিক কৃত্ৰিমভাৱে দাড়ি, টুপী, লুঙী পিন্ধাই, হাতত ৰছী বান্ধি আৰু আনে আৰক্ষীৰ পোছাক পিন্ধি ৰাস্তাৰে কোবাই কোবাই নিয়া দৃশ্যই ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।

মুছলমানক অপৰাধী সম্প্ৰদায় হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্যত এবিএমছু বহি নাথাকে আৰু যদিহে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই দোষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আইনী ব্যৱস্থা হাতত লোৱা হ'ব বুলি সদৰি কৰে। আনহাতে আমছুৰ সভাপতি ৰিজাউল কৰিম সৰকাৰে কয় যে, উক্ত ঘটনাত বডোলেণ্ড কৰ্তৃপক্ষও সমানে দায়ী বুলি মন্তব্যৰে উক্ত কাৰ্য তেওঁলোকৰ ইচ্ছাকৃত আছিল বুলি মন্তব্য কৰিছে।

নৈতিকতা নোহোৱাৰ দৰে জাতি জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰা, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটৰ দাম্ভিকতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিশ্ববিদ্যালয়খনক ভাল শিক্ষা, নৈতিকতাবোধ শিকোৱাৰ আহ্বান জনাই ৰিজাউল কৰিম সৰকাৰে দোষীৰ বিৰুদ্ধে শাস্তিৰ পোষকতা কৰিছে। আনহাতে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামেও উক্ত ঘটনাক নিন্দা কৰি দোষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ দাবী জনাই ভৱিষ্যতে যাতে এনে ঘটনাৰ পুণৰাবৃত্তি নঘটে তাৰ বাবে আহ্বান জনাইছে।

আনহাতে উক্ত সাংস্কৃতিক শোভাযাত্ৰাত তেনে অভিনয় ইচ্ছাকৃতভাৱে প্ৰদৰ্শন কৰা নাছিল বুলি মন্তব্য কৰিছে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ভূগোল বিভাগৰ শিক্ষাৰ্থীয়ে। অনাকাংক্ষিত হোৱা এনে ঘটনাৰ বাবে ক্ষমা বিচাৰি পুনৰ তেনেধৰনৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছে বডোলেণ্ড বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ নেৰচৌন নাৰ্জাৰী আৰু ভূগোল বিভাগৰ শিক্ষাৰ্থীয়ে।

আকৌ বিতৰ্কত বডোলেণ্ড বিশ্ববিদ্যালয়ঃ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত...
গুজৰাট, UP কে ধৰি কেইবাখনো ৰাজ্যৰ গৃহ সচিবক অব্যাহতি নিৰ্বাচন আয়োগৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in