কোকৰাঝাৰত দিনদুপৰতে ছুৰীৰ আঘাতত যুৱকৰ মৃত্যু...

কোকৰাঝাৰত দিনদুপৰতে ছুৰীৰ আঘাতত যুৱকৰ মৃত্যু...
কোকৰাঝাৰত দিনদুপৰতে ছুৰীৰ আঘাতত যুৱকৰ মৃত্যু...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ ৱাৰ্ড নং ৯ ৰ এটা ভাড়াঘৰৰ সন্মুখত আজি পুৱা প্ৰায় ১১:৩০ বজাত এগৰাকী যুৱক ছুৰীবিদ্ধ হৈ গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱা আৰু পৰবৰ্তী পৰ্যায়ত মৃত্যু হোৱা ঘটনাই সদৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছুৰীঘাতকত নিহত হোৱা যুৱকজনক শক্তি আশ্ৰম চোকাপাৰাৰ টিছেন চন্দ্ৰ ৰায়ৰ নুমুলীয়া সন্তান বিক্ৰম ৰায় ওৰফে জগো(২৫) বুলি চিনাক্ত কৰা হৈছে ।

নিহত যুৱকজন কোকৰাঝাৰৰ এটা ফাৰ্মাচীত লেবৰোটৰী সহায়ক হিচাপে কাম কৰিছিল। মৃত যুৱকজনৰ পিতৃ টিছেন চন্দ্ৰ ৰায়ে কোকৰাঝাৰ সদৰ থানাত আজি দাখিল কৰা এজাহাৰত অভিযোগ কৰা মতে ফকিৰাগ্ৰাম শাশাৰগাঁৱৰ এগৰাকী যুৱতীৰ সতে তেওঁৰ ল'ৰা বিক্ৰম ৰায়ৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ।

আইনী বিবাহ সম্পাদন কৰিব বুলি ছোৱালীজনীয়ে শনিবাৰে ল'ৰাটোৰ ভাড়াঘৰত যোৱাৰ পিছত আজি ১১:৩০ মান বজাত উক্ত ভয়ানক ঘটনাটো সংঘটিত হয় । এজাহাৰত উল্লেখ কৰা মতে ছোৱালীজনীয়ে পূৰ্বপৰিকল্পিত ভাৱে তেওঁলোকৰ আত্মীয় আৰু কেইজনমান দুৰ্ষ্কৃতিকাৰীক লৈ ভাড়াঘৰতে পেটত তিনিবাৰকৈ ছুৰীঘাতক কৰি তেওঁৰ ল'ৰাক হত্যা কৰে।

পিছত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উক্ত ঘটনাৰ তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ এজাহাৰত উল্লেখ কৰিছে দূৰ্ভগীয়া পিতৃয়ে ।

আনহাতে আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে যুৱকজনে নিজেই পেটত ছুৰীঘাতক কৰি দূৰ্ভাগ্যজনক মৃত্যুক সাৱটি লৈছে। অধিক তথ্যৰ সন্ধানত মৃত যুৱকজনৰ প্ৰেয়সীক আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে।

ইপিনে সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে। যিগৰাকী যুৱতীক আইনী প্ৰক্ৰিয়াৰে বিবাহ সম্পাদন কৰাৰ কথা আছিল তেনে অৱস্থাত বিবাহৰ পূৰ্বে যুৱকজনে কিয় নিজৰ পেটত ছূৰীঘাতক কৰি মৃত্যুবৰণ কৰিব তাকে লৈ বহুতো প্ৰশ্নৰ উদয় হৈছে । সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত হে প্ৰকৃত তথ্য বাহিৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

কোকৰাঝাৰত দিনদুপৰতে ছুৰীৰ আঘাতত যুৱকৰ মৃত্যু...
গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in