/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7e25a038-6c11-4133-81f2-7cf18e2e963a/fd.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ বেজপাৰাত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দশম বৰসভালৈ মাজত মাত্র কেইটামান দিন বাকী। অহা ২১ ফেব্ৰুৱাৰীত মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হ'ব বৰসভা। প্রতি ১২ বছৰৰ ব্যৱধানত দৰং জিলাৰ মঙলদৈ বেজপাৰা বৰপথাৰত অনুষ্ঠিত হৈ আহিছে এই বৰসভা তথা শ্রীশ্রী মহাবিষ্ণু যজ্ঞ।
এইবাৰ অহা ২১, ২২, শেষাংশ ৬ পৃষ্ঠাত থে ২৩, ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত পাঁচদিনীয়া কাৰ্যসূচীৰে দ্বাদশ বর্ষীয় দশম বৰসভা অনুষ্ঠিত হ'ব। ইতিমধ্যে ১.২০ কোটি টকাৰ বাজেট ধার্য কৰি উদ্যোক্তাসকলে দিন ৰাতি একাকাৰ কৰি বৰসসভা সফল কৰাৰ বাবে উঠি-পৰি লাগিছে।
দশম বৰসভা আহ্বায়ক সমিতিৰ সভাপতি তিলক চন্দ্র কলিতা আৰু সম্পাদক হেমন্ত কলিতাই জনোৱা মতে ইতিমধ্যে গুৰুজ্যোতি দাসক সভাপতি, কুলেন্দ্র ডেকা ৰামেশ্বৰ কলিতাক কার্যকৰী সভাপতি, মুকুল কলিতাক মুখ্য সম্পাদক, প্রবীণ কুমাৰ কলিতা আৰু দুর্লভ কুমাৰ কলিতাক সম্পাদক হিচাপে লৈ এখন বৃহৎ শক্তিশালী সমিতি গঠন কৰা হৈছে। উদ্যোক্তাসকলে জনোৱা মতে ২১ ফ্রেব্রুৱাৰীৰ পুৱা ৭.৩০ বজাত বৰসভা উপলক্ষে ১০খন পতাকা উত্তোলন কৰা হ'ব। ইয়াৰে মুখ্য পতাকা উত্তোলন কৰিব উয্যাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে।
আনহাতে কলিতা সন্মিলনৰ পতাকা উত্তোলন কৰিব অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ পূব মঙলদৈ শাখাৰ সভাপতি তিলক চন্দ্র কলিতাই। ইয়াৰ পাছতে সমাজসেৱক উপাৰাম কলিতাই শ্রদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিব। শিক্ষাবিদ তৰুণ চন্দ্র শর্মাই হৰি চন্দ্র চহৰীয়া সোঁৱৰণী যজ্ঞ মণ্ডপ উদ্বোধন, দেউৰী লোকনাথ কলিতাই বস্তি প্রজ্বলন কৰিব। তাৰ পাছতে পৰ্যায়ক্ৰমে কাৰ্যসূচী আগবাঢ়িব। প্রথম দিনা বেজপাৰাৰ অসমী কলা-কৃষ্টি সংৰক্ষণ সমিতি আৰু লক্ষীমপুৰৰ শংখধ্বনি নাট্য গোষ্ঠীয়ে ভাওনা প্রদর্শন কৰিব।
২২ ফ্রেব্রুৱাৰীৰ পূৱা ৫ বজাৰ পৰা পৰিবেশ নিকাকৰণ, প্রভাত ফেনী, যোগ, প্রাণায়াম, মহাযজ্ঞৰ জল আহৰণ কৰা হ'ব। ৮.৩০ বজাত যতীন্দ্র দাস, কৃষ্ণ দাসে ভাগবত চক্র উদ্বোধন কৰিব। ৯.৩০ বজাত সাংসদ দিলীপ শইকীয়াই ধর্মীয় শোভাযাত্রা উদ্বোধন কৰিব। দিনৰ ২ বজাত সভাপতি গুৰুজ্যোতি দাসৰ সভাপতিত্বত প্রথম ধর্মালোচনী সভা অনুষ্ঠিত হ'ব। দৰং জিলাৰ আয়ুক্ত মুনীন্দ্র নাথ ঙাটেই উদ্বোধন কৰিবলগীয়া এই সভাত অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই স্মৃতিগ্রন্থ উন্মোচন কৰিব।
সভাত মন্ত্রী চন্দ্রমোহন পাটোবাৰী, প্রাক্তন মন্ত্রী ড' জয়নাথ শর্মা, বিধায়ক বলিন চেতিয়া, ওদালগুৰিৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈন, আৰ এছ এছৰ সহকাৰী প্রান্ত প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকিব। সন্ধিয়া বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুবাই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব।
অহা ২৩ ফ্রেব্রুৱাৰীত পৰিৱেশ নিকাকৰণ, প্রভাত ফেনী, যোগ, প্রাণায়াম, মহাযজ্ঞৰ আহুতি প্রদান হ'ব। পুৱা ৯.৩০ বজাত অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিষ চন্দ্র নাথৰ সঞ্চালনাত হ'বলগীয়া কৃষক সভা উদ্বোধন কৰিব জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই। সভাত পদ্মশ্রী যাদব পায়েং, এছ আই পি আৰ ডিৰ সঞ্চালক মুনীন্দ্র শর্মা, কৃষি বিজ্ঞান কেন্দ্র, গুৱাহাটীৰ মুখ্য বিজ্ঞানী ড° ধীৰেন্দ্ৰ নাথ কলিতা আলোচক হিচাপে উপস্থিত থাকিব। বাকী কাৰ্যসূচীসমূহ পৰ্যায়ক্ৰমে আগবাঢ়িব। ব্ৰহ্মাৰ প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
Also Read: লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম ৰাজনীতি! আমেঠীত ৰাহুল গান্ধী আৰু স্মৃতি ইৰানী