বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে তামুলপুৰত সজাগতা সভা...

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে তামুলপুৰত সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে তামুলপুৰত সজাগতা সভা...

ডিজিটেল সংবাদ, তামুলপুৰঃ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি তামুলপুৰৰ দৰঙামেলাত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী সজাগতা সভা। অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজিত এই ড্ৰাগছ বিৰোধী সজাগতা সভাত অংশগ্ৰহণ কৰে ৬৪ বাহিনী এছ এছ বি বিষয়া এন কেচু সিঙয়ে।

Advertisment

নলবাৰীস্থিত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ পৰিচালক বৰকট উল্লাৰ পৰিচালনাত সজাগতা সভাখন অনুষ্ঠিত হয়। সজাগতা সভাত এন কেচু সিঙয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছৰ প্ৰচলনে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে নৱ প্ৰজন্ম ইয়াৰ প্ৰতি আসক্ত হৈ ধ্বংসৰ পথত গতি কৰাৰ আগতেই অভিভাৱকৰ লগতে ৰাইজ সচেতন নহলে এটা সময়ত সমগ্ৰ অঞ্চল অন্ধকাৰত বুৰ যাব। আহি থকা দিনত নিজৰ সন্তানক কিদৰে নিয়ন্ত্ৰণত ৰাখি এইসমূহ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰি এই সন্দৰ্ভত ৰাইজৰ আগত তেওঁ নিজৰ মত দাঙি ধৰে।

সভাত নলবাৰীস্থিত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ মুখ্য কেন্দ্ৰ পৰিচালক গীতাৰ্থ শৰ্মাই নৱ প্ৰজন্মক এই মাৰাত্মক ড্ৰাগছৰ পৰা আঁতৰি থাকি নতুন সমাজ গঢ়াত আগুৱাই আহিবলৈ অনুৰোধ জনাই। অভিভাৱকসকলক উদ্দেশ্যি তেওঁ কয় সময় থাকোতে সকলোৱে সজাগ সচেতন নহ'লে এটা সময়ত ড্ৰাগছ আসক্ত যুৱকসকলে পৰিয়ালৰ ওপৰতো অত্যাচাৰ আৰম্ভ কৰিব। ড্ৰাগছৰ জৰিয়তে কিদৰে মানৱ শৰীৰত এইচ আই ভি ৰোগে সংক্ৰমণ কৰে তাৰ ওপৰত বিশদভাবে আলোচনা কৰি কোনো লোকে বেছিকৈ আসক্ত হলে তেনে লোকক নিচামুক্তি কেন্দ্ৰত ৰখাৰ তেওঁ আহ্বান কৰে।

ইপিনে আজিৰ সভাত এবিএমছু, ৰাষ্ট্ৰীয় বজৰং দল, গৰীয়া মৰীয়া দেশী ছাত্ৰ সন্থাৰ কর্মী বৃন্দৰ লগতে স্থানীয় সমাজ সচেতন লোক সকলেও অংশগ্ৰহণ কৰি ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কে উপস্থিত ৰাইজক ভাষণ প্ৰদান কৰে। সভাত সমাজ সেৱক সাহেবুদ্দিন খান, সঞ্জয় জয়চোৱাল, গোপাল চৰকাৰ, আহত মৌলানাকে ধৰি বহু লোক উপস্থিত থাকে।

Also Read: ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈহে জীয়াই আছে বটলিফ ফেক্টৰীসমূহঃ তুষাৰ বৰা

world no tobacco day tamulpur