একত্ৰীকৰণৰ নামত কোনো ধৰণৰ হিডেন এজেণ্ডা থাকিব নোৱাৰিব : প্ৰমিলা ৰাণী ব্ৰহ্ম

একত্ৰীকৰণৰ নামত কোনো ধৰণৰ হিডেন এজেণ্ডা থাকিব নোৱাৰিব : প্ৰমিলা ৰাণী ব্ৰহ্ম

author-image
Asomiya Pratidin
New Update
একত্ৰীকৰণৰ নামত কোনো ধৰণৰ হিডেন এজেণ্ডা থাকিব নোৱাৰিব : প্ৰমিলা ৰাণী ব্ৰহ্ম

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিপিএফ আৰু ইউপিপিএল একগোট হ'ব নেকি তাকে লৈ বিটিআৰত তুমুল চৰ্চা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিপিএফ দলৰ উপ-সভানেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বুধবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে নেত্ৰীগৰাকীয়ে।

Advertisment

বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে বিটিআৰৰ দুই আঞ্চলিক ৰাজনৈতিক দল ইউপিপিএল আৰু বিপিএফক একত্ৰিত হ'বলৈ জনোৱা আহ্বানক আদৰণি জনাই তেওঁ বহু আগতেই একত্ৰীকৰণ বিচাৰিছিল বুলি মন্তব্য কৰে ।

এবছুৰ সভাপতি দ্বীপেন বড়োৱে যে অন্ত:কৰণেৰে প্ৰকৃতাৰ্থত ইউপিপিএল আৰু বিপিএফ একত্ৰিত হোৱাটো বিচাৰিছে সেয়া আমাৰ বাবে ভাল কথা বুলি মন্তব্য কৰি দ্বীপেন বড়োৱে কথা বিলাক বুজি পাইছে বুলিও মত প্ৰকাশ কৰে ৷ অৱশ্যে একত্ৰীকৰণৰ নামত কোনো ধৰণৰ হিডেন এজেণ্ডা থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে বিপিএফৰ উপ-সভানেত্ৰী গৰাকীয়ে ৷

আনহাতে ২০২৫ ৰ বিটিচিৰ নিৰ্বাচনত বিপিএফ আৰু ইউপিপিএল দল একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি বুলি সাংবাদিক সোধা এক প্ৰশ্নোত্তৰত প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে এতিয়ালৈ বিপিএফ আৰু ইউপিপিএল একগোট হোৱা নাই ৷ এবছুৱে আহ্বানহে জনাইছে ৷ প্ৰচেষ্টা তেওঁলোকে লওঁক , বহি আলোচনা কৰিব লাগে ৷ কিন্ত অকল সংবাদমাধ্যমৰ আগত মন্তব্য কৰি পূৰ্বৰ দৰে ফাঁকি দিব নালাগে বুলি মন্তব্য কৰে বিপিএফৰ উপ সভানেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

উল্লেখ্য যে বিপিএফ-ইউপিপিএল একগোট হোৱাৰ তুমুল চৰ্চা অব্যাহত আছে যদিও বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইপৰ্যন্ত কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য দিয়া নাই । বিশেষ সূত্ৰে জানিব পৰা মতে বিষয়টোক লৈ হাগ্ৰামা মহিলাৰীয়ে খৰখেদা কৰিব বিচৰা নাই ।

বিপিএফ -ইউপিপিএল একগোট হ'লে বিপিএফৰ কি লাভালাভ হ'ব সেয়া বিচাৰ নকৰি একগোট হোৱাত কাহানিও গ্ৰীণ চিগনেল যে হাগ্ৰামা মহিলাৰীয়ে নিদিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। বিপিএফ -ইউপিপিএল একগোট হলে বিপিএফৰ দলীয় কৰ্মী-সমৰ্থক সকল বিজেপিমুখী হ'ব নেকি সেয়াও হাগ্ৰামা মহিলাৰীয়ে চালিজাৰি চাব বুলি ধাৰণা কৰা হৈছে।

এতিয়া অতি শীঘ্ৰেই যে বিপিএফ -ইউপিপিএল একগোট নহয় সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে । আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফ দলে ইউপিপিএলৰ সতে একগোট নহৈ ৰাষ্ট্ৰীয় দলৰ সতেহে মিত্ৰতা কৰাৰ সম্ভাৱনা বেছি আছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

Also Read: সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষক বঁটা অনুষ্ঠানৰ আয়োজন

kokrajhar