ডিজিটেল সংবাদ,ৰঙিয়া : বিশিষ্ট সংস্কৃত পণ্ডিত প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মাৰ সোঁৱৰণত আয়োজন কৰা হৈছে "প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষক বঁটা" শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানটি বিগত ৫বছৰে ৰঙিয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে অনুষ্ঠিত কৰি আহিছে।
শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানটি সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি অহা ২৪ নৱেম্বৰ দেওবাৰে উদযাপন কৰিবলৈ লোৱা হৈছে। উদ্যোক্তা সমিতিয়ে বুধবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।
উক্ত সংবাদমেলত সম্পাদক পঙ্কজ পল্লৱ শৰ্মাই জনোৱা মতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিতব্য এই শিক্ষক বঁটাৰ বাবে উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষকক সামৰি লোৱা হ'ব। ইচ্ছুক শিক্ষকে এই বঁটাৰ বাবে আবেদন কৰিব পাৰে।
উক্ত অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্র-ছাত্ৰীক উৎসাহিত কৰিবলৈ অনলাইন ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব । নবম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিষয় -"সামাজিক অৱক্ষয় ৰোধ কৰিবলৈ তুমি ক কৰিবা"।
২৪ নৱেম্বৰৰ বিশেষ অনুষ্ঠানটোত প্ৰয়াত বানেশ্বৰ শৰ্মা ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। একেটা অনুষ্ঠানতে ৰঙিয়া ৰত্ন, সুঅনি বঁটাৰ লগতে ৰাজনীতি,সাহিত্য ,সংস্কৃতি ,কৃষি ,চিকিৎসা ,বিজ্ঞান আদি ক্ষেত্ৰত উজলি উঠা বিশেষ লোককো বিশেষভাৱে বঁটাৰে সন্মানিত কৰা হ'ব।
আজিৰ সংবাদমেলত চাকিল আহমেদ, জয়ন্ত কুমাৰ শৰ্মা আদি উপস্থিত থাকে।অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰাৰ কথা।
অনুষ্ঠানত পঙ্কজ পল্লৱ শৰ্মাৰ সম্পাদনাত স্মৃতিগ্ৰন্থ "দৈষ্টিক" প্ৰকাশ কৰা হ'ব। সমাজ, ধৰ্ম, সাহিত্য সংস্কৃতি সম্পৰ্কীয় লেখা ৮৮৭৬৩৪৮০৬২ অথবা sangeetgroup18@gmail.comত পঠিয়াই দিবলৈ অনুৰোধ জনায়।