/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, তামুলপুৰঃ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তামুলপুৰৰ নবিনগাঁওৰ সত্যেন্দ্ৰ বিশ্বাস(৭০) নামৰ বৃদ্ধ গৰাকীৰ মৃত্যু। সোমবাৰে পুৱা হাতীৰে মুখামুখি হৈ গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাৰ অভাৱত ঘৰতে যন্ত্ৰণাত ছটফটাই পৰি আছিল ৭০ বছৰীয়া বৃদ্ধ গৰাকী।
অৱশেষত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত আজি ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আঘাতপ্ৰাপ্ত বৃদ্ধ গৰাকীক। পুৱা নিজ বাসগৃহৰ কাষতে নিজৰাত মুখ ধুবলৈ গৈছিল বৃদ্ধ গৰাকী।
উল্লেখ যে তামুলপুৰৰ উত্তৰাঞ্চলত বিশেষ কৈ কাউলী,নবিনগাঁও,নাৰায়নপুৰ আদি অঞ্চলত সন্ধিয়া হলেই জাকে জাকে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে। ওৰে নিশা পথাৰত ধান খাই পুৱতি নিশা পুনৰ উভতি যায়। সম্প্ৰতি বনৰীয়া হাতীয়ে আতংকিত কৰি তুলিছে গাঁওবাসীক। বন বিভাগৰ লোকে হাতীৰ জাক যদিও খেদি পঠিয়াই তথাপি খাদ্যৰ সন্ধানত পুনৰ ঢাপলি মেলে গাঁৱলৈ।
Also Read: মিজোৰামত আপৰ এন্ট্ৰিঃ প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত